কাইলৈ অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

কাইলৈ পৰা ২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা। এই ভ্ৰমণকালত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰস্তুত কৰা MFP, VDVK আৰু ট্ৰাইফুড ৰূপায়ণৰ অগ্ৰগতিৰ ওপৰত পৰ্যালোচনা কৰিব। তেওঁৰ সৈতে ট্ৰাইফেডৰ পৰিচালনা সঞ্চালক প্ৰবীৰ কৃষ্ণা আৰু ট্ৰাইফেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। দুদিনীয়া ভ্ৰমণকালত মুণ্ডাই অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ সৈতে বৈঠকত মিলিত হ’ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, মুখ্য সচিব আৰু প্ৰধান সচিব আৰু অন্যান্য ৰাজ্যিক বিষয়াসকলৰ লগতো বিশেষ আলোচনাত মিলিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...