শিক্ষা বিভাগত ওলাইছে চাকৰি: ২,২৭২ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

স্নাতকোত্তৰ শিক্ষকৰ পদত নিযুক্তিৰ বাবে আজি হিমন্ত বিশ্ব চৰকাৰে প্ৰকাশ কৰিলে শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন। ২,২৭২টা পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন।

  • OBC,MOBCৰ বাবে ৫১০টা
  • SC ১৮৭, ST(P) ৩৩৮, ST(H) ১৯৭টা পদ
  • অসংৰক্ষিত আসন আছে ৬২০
  • EWSৰ আছে ৩০১টা পদ
  • স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে আজি প্ৰকাশ পাইছে বিজ্ঞাপন
  • প্ৰাৰ্থীৰ বয়স ২১বছৰৰ পৰা ৩৮বছৰ হ’ব লাগিব
  • চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাইৰ ব্যৱস্থা আছে
  • দৰমহা ২২,০০০ৰ পৰা ৯৭,০০০ হাজাৰ টকা
  • লগতে গ্ৰেড পে’ ১১,৮০০ টকা
  • প্ৰাৰ্থী কমেও ৫০ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হ’ব লাগিব
  • টেট উত্তীৰ্ণ প্ৰমাণ পত্ৰ থাকিব লাগে
  • স্বীকৃতি প্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা BEd ডিগ্ৰী ধাৰক হ’ব লাগিব
  • অনলাইনৰ জৰিয়তে আৱেদন কৰিব লাগিব
  • www.madhyamikassam.gov.inত সবিশেষ তথ্য লাভ কৰিব
  • ২০ অক্টোবৰ আৱেদনৰ অন্তিম তাৰিখ

উল্লেখ্য যে, শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ডাঃ ৰনোজ পেগুৱে অচিৰেই প্রায় ২৩ হাজাৰ শিক্ষক পদৰ বাবে নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। শিক্ষক নিযুক্তিৰ প্রক্রিয়া অতি স্বচ্ছ কৰাৰ কাৰণে, কোনোধৰণৰ স্বজন–তোষণ বা অন্য ধৰণৰ হস্তক্ষেপৰ যাতে কোনোধৰণৰ অৱকাশ নাথাকে আৰু মেধা, যোগ্যতাৰ ভিত্তিত শিক্ষক নিযুক্তি হয়, সেইটো বিভাগে নিশ্চিত কৰিব বিচাৰিছে। পূর্বৰ শিক্ষামন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত সফলতাৰে কৰি যোৱা পদক্ষেপৰ আধাৰতে বর্তমানৰ চৰকাৰে নিযুক্তি প্রক্রিয়া চলাব। এইবাৰৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ হোৱাৰ লগতে খৰতকীয়া হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনাইছে। সেইদৰে ৰাজ্যখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত বহু শিক্ষক পদ খালী হৈ থকাৰ বিষয়ে উল্লেখ কৰি কয় যে, বিভিন্ন কাৰণ আৰু প্রতিবন্ধকতাৰ বাবে সেই পদসমূহ খালী হৈ আছে। এটা এটাকৈ সেই কাৰণ আৰু প্রতিবন্ধকতাসমূহ নাইকিয়া কৰাৰ বাবে বিভাগে ব্যৱস্থা হাতত লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...