অন্তৰ্বাস পিন্ধি ৰে’লত উঠিল বিধায়ক!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে এটা অত্যন্ত লাজৰ বিষয়। কিয়নো জনতা দল (ইউনাইটেড)ৰ এজন বিধায়কে কালি ৰে’লত অন্তৰ্বাস পিন্ধি খোজকাঢ়ি থকা পৰিলক্ষিত হৈছিল। বৃহস্পতিবাৰে নিশা ভাগলপুৰ জিলাৰ গোপালপুৰ বিধান সভাৰ বিধায়ক নৰেন্দ্ৰ কুমাৰ নীৰজ ওৰফে গোপাল মণ্ডলে পাটনা-নতুন দিল্লী তেজছ ৰাজধানী এক্সপ্ৰেছৰ এ-১ ডবাত যাত্ৰা কৰিছিল।

ট্ৰেইনখন পাটনাৰ পৰা ওলাই যোৱাৰ লগে লগে বিধায়কজনক তেওঁৰ অন্তৰ্বাসত ঘূৰি ফুৰা দেখা গৈছিল। আনকি সহযাত্ৰীসকলে প্ৰতিবাদ কৰাৰ পাছতো, তেওঁক একে পোছাকত শৌচাগাৰৰ ফালে খোজ কাঢ়ি যোৱা দেখা গৈছিল।

মণ্ডলে শুক্ৰবাৰে ঘটনাটোৰ স্পষ্টীকৰণ হিচাপে সংবাদ মাধ্যমৰ আগত প্ৰকাশ অনুসৰি – তেওঁৰ হেনো কোনো বিকল্প নাছিল কিয়নো তেওঁ ৰে’লত উঠাৰ কেইমিনিটমানৰ ভিতৰতে অসুস্থ হৈ পৰিছিল।

“মই ৰে’লত উঠাৰ লগে লগে, টয়লেট ব্যৱহাৰ কৰিব বিচাৰিছিলো। গতিকে মই মোৰ কুৰ্তা পায়জামাটো আঁতৰাই মোৰ কান্ধত টাৱেলখন লৈছিলো। যিহেতু, মোৰ কঁকালত মেৰিয়াবলৈ সময় নাছিল। মই কেৱল অন্তৰ্বাস পিন্ধি আছিলো কিয়নো যাত্ৰাৰ সময়ত মোৰ পেট বিষ হৈছিল… আমি মিথ্য়ে কথা বলব না,” মণ্ডল কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...