অন্তৰ্বাস পিন্ধি ৰে’লত উঠিল বিধায়ক!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে এটা অত্যন্ত লাজৰ বিষয়। কিয়নো জনতা দল (ইউনাইটেড)ৰ এজন বিধায়কে কালি ৰে’লত অন্তৰ্বাস পিন্ধি খোজকাঢ়ি থকা পৰিলক্ষিত হৈছিল। বৃহস্পতিবাৰে নিশা ভাগলপুৰ জিলাৰ গোপালপুৰ বিধান সভাৰ বিধায়ক নৰেন্দ্ৰ কুমাৰ নীৰজ ওৰফে গোপাল মণ্ডলে পাটনা-নতুন দিল্লী তেজছ ৰাজধানী এক্সপ্ৰেছৰ এ-১ ডবাত যাত্ৰা কৰিছিল।

ট্ৰেইনখন পাটনাৰ পৰা ওলাই যোৱাৰ লগে লগে বিধায়কজনক তেওঁৰ অন্তৰ্বাসত ঘূৰি ফুৰা দেখা গৈছিল। আনকি সহযাত্ৰীসকলে প্ৰতিবাদ কৰাৰ পাছতো, তেওঁক একে পোছাকত শৌচাগাৰৰ ফালে খোজ কাঢ়ি যোৱা দেখা গৈছিল।

মণ্ডলে শুক্ৰবাৰে ঘটনাটোৰ স্পষ্টীকৰণ হিচাপে সংবাদ মাধ্যমৰ আগত প্ৰকাশ অনুসৰি – তেওঁৰ হেনো কোনো বিকল্প নাছিল কিয়নো তেওঁ ৰে’লত উঠাৰ কেইমিনিটমানৰ ভিতৰতে অসুস্থ হৈ পৰিছিল।

“মই ৰে’লত উঠাৰ লগে লগে, টয়লেট ব্যৱহাৰ কৰিব বিচাৰিছিলো। গতিকে মই মোৰ কুৰ্তা পায়জামাটো আঁতৰাই মোৰ কান্ধত টাৱেলখন লৈছিলো। যিহেতু, মোৰ কঁকালত মেৰিয়াবলৈ সময় নাছিল। মই কেৱল অন্তৰ্বাস পিন্ধি আছিলো কিয়নো যাত্ৰাৰ সময়ত মোৰ পেট বিষ হৈছিল… আমি মিথ্য়ে কথা বলব না,” মণ্ডল কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই ফিলিপিন্ছত হাহাকাৰ

পুনৰ ভূমিকম্পৰ জোকাৰণি। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ...

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...