তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলমানক সকীয়নি নাছিৰুদ্দিন শ্বাহৰ

বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহে সেই ‘ভাৰতীয় মুছলমানসকলৰ’ বিৰুদ্ধে দৃঢ়ভাৱে মুখ খুলিছে যিসকলে ‘আফগানিস্তানত তালিবানৰ ক্ষমতা ঘূৰি অহাৰ বাবে উছাহ উদ্দীপনা প্ৰদৰ্শন কৰিছে’। ইয়াক বিপদজনক বুলি অভিহিত কৰি নাছিৰুদ্দিনে শ্বাহে এটা ভিডিঅ’ত কয়, “যদিও আফগানিস্তানত তালিবানৰ ক্ষমতা পুনৰুদ্ধাৰ সমগ্ৰ বিশ্বৰ বাবে সতৰ্কতাৰ উৎস, কিছুমান বৰ্বৰ ভাৰতীয় মুছলমানৰ উদযাপন একেবাৰে ক্ষতিকাৰক”।

৭১ বছৰীয়া অভিনেতাজনৰ মতে যিসকলে তালিবানৰ পুনৰুত্থান উদযাপন কৰে, তেওঁলোকে তেওঁলোকৰ আত্মসন্মান ৰক্ষা কৰিব বিচাৰে নে পুৰণি বৰ্বৰতাৰ সৈতে জীয়াই থাকিব বিচাৰে সেয়া বিবেচনা কৰা উচিত।

তেওঁ হিন্দুস্তানী ইছলাম আৰু ইছলামৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াই কৈছিল যে, ভাৰতৰ ইছলাম পৃথিৱীৰ সকলো ইছলামৰ পৰা পৃথক। কিন্তু একাংশ ভাৰতীয় মুছলমানৰ কৰ্মকাণ্ডকলৈ ভীষণ লজ্জিত অভিনেতাজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...

ভাৰত বনাম নিউজিলেণ্ড T20ৰ বাবে সাজু বৰ্ষাপাৰা

বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অহা ২৫ জানুৱাৰীৰ সন্ধিয়া...

যোৰহাট জিলা কবি সন্মিলনৰ বিভিন্ন বঁটা,সন্মান ঘোষণা

যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ মৰিয়নি অধিবেশন...

পাকিস্তান হোৱাৰ বিড়ম্বনা; ট্ৰাম্পক ভাল লগাবলৈ ১ বিলিয়ন ডলাৰ ব্যয় কৰিছে পাকিস্তানে

যুদ্ধবিধ্বস্ত গাজাত স্থায়ী যুদ্ধবিৰতি আৰু পুনৰ্গঠনৰ প্ৰসাৰৰ লক্ষ্যৰে আমেৰিকাৰ...