বাংলাদেশৰ বাবে ভাৰতৰ বিশেষ উপহাৰ

বাংলাদেশ পালেগৈ ভাৰতে উপহাৰ হিচাপে দিয়া দুটা ভ্ৰাম্যমাণ অক্সিজেন প্ৰকল্প। ভাৰতীয় নৌসেনাৰ জাহাজ INS সাবিত্ৰী বৃহস্পতিবাৰে ৰাতিপুৱা চিটাগঙত উপস্থিত হৈছে। DRDOৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰকল্প কেইটা ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বাংলাদেশক উপহাৰ হিচাপে দিছে ভাৰতে। এই প্লান্ট কেইটাৰ অক্সিজেন উৎপাদন ক্ষমতা প্ৰতি মিনিটত ৯৬০লিটাৰ।

এটা প্ৰকল্প ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্থাপন কৰা হ’ব আৰু আনটো বিএনএছ পাটেঙ্গাত স্থাপনৰ বাবে বাংলাদেশ নৌসেনাক হস্তান্তৰ কৰা হৈছে। এই অত্যাধুনিক প্লান্ট কেইটাই অতি সুলভ উপায়েৰে তাৎক্ষণিক চিকিৎসা অক্সিজেন প্ৰস্তুত কৰে। এই অক্সিজেন চিলিণ্ডাৰ সমূহ পোনপটীয়াকৈ চিকিৎসালয়ত স্থাপন কৰাৰ উপৰিও পুনৰ ভৰ্তি কৰাৰ বাবেও উপযোগী। লগতে চিকিৎসাৰ বাবে প্ৰেচাৰ চুইং এডপচন (পিএছএ) নীতিৰ সৈতে জিঅ’লাইট (আণৱিক চিম) প্ৰযুক্তি ব্যৱহাৰ কৰি মানক চিকিৎসা অক্সিজেনো প্ৰস্তুত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...