নগাঁও আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত আজিজুৰ ৰহমান

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে দেওবাৰে নিশা চামগুৰিৰ কাৱৈমাৰীত পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ ডকাইত আজিজুৰ ৰহমানক। ডকাইতি,হত্যা আদিত জড়িত আজিজুৰ ৰহমান চুপাৰী কিলাৰ হিচাপেও জনাজাত। ২০১৬ চনতে আজিজুৰে ছাইফুল ইছলাম নামৰ এজন যুৱকক চামগুৰিত গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হৈ পৰা দুধৰ্ষ অপৰাধী আজিজুৰে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল। শেহতীয়াভাৱে আজিজুৰে পুনৰ অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছিল। দেওবাৰে নিশা গোপন সূত্ৰৰ পমখেদি নগাঁও আৰক্ষীৰ এটা দলে চামগুৰিৰ কাৱৈমাৰীত অভিযান চলাই আজিজুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজিজুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত পিষ্টল। শেহতীয়াভাৱে, লাওখোৱাৰ ডকাইতিৰ লগতো আজিজুৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...