নগাঁও আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত আজিজুৰ ৰহমান

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে দেওবাৰে নিশা চামগুৰিৰ কাৱৈমাৰীত পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ ডকাইত আজিজুৰ ৰহমানক। ডকাইতি,হত্যা আদিত জড়িত আজিজুৰ ৰহমান চুপাৰী কিলাৰ হিচাপেও জনাজাত। ২০১৬ চনতে আজিজুৰে ছাইফুল ইছলাম নামৰ এজন যুৱকক চামগুৰিত গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হৈ পৰা দুধৰ্ষ অপৰাধী আজিজুৰে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল। শেহতীয়াভাৱে আজিজুৰে পুনৰ অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছিল। দেওবাৰে নিশা গোপন সূত্ৰৰ পমখেদি নগাঁও আৰক্ষীৰ এটা দলে চামগুৰিৰ কাৱৈমাৰীত অভিযান চলাই আজিজুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজিজুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত পিষ্টল। শেহতীয়াভাৱে, লাওখোৱাৰ ডকাইতিৰ লগতো আজিজুৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...