বাধ্যতামূলকভাৱে মাতৃভাষা অধ্যয়নৰ সিদ্ধান্তৰ পৰা পিছ হুহুকিল শিক্ষা বিভাগ!

ইংৰাজী মাধ্যমৰ হেঁচাত বাধ্যতামূলকভাৱে মাতৃভাষা অধ্যয়নৰ সিদ্ধান্তৰ পৰা পিছ হুহুকিল শিক্ষা বিভাগ। অসমৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত মাতৃভাষা বাধ্যতামূলক কৰি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্বে এক নিৰ্দেশ জাৰি কৰিছিল। পিছত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিবলৈ দাবী জনায় বিভিন্ন দল-সংগঠনে। ইয়াৰ পিছতে শিক্ষা বিভাগে এক নিৰ্দেশৰ জৰিয়তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি ছাত্ৰ-ছাত্ৰীক বিকল্প ইংৰাজী ভাষাক মাতৃভাষা ৰূপে পঢ়াৰ অনুমতি দিবলৈ নিৰ্দেশ দিছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিলে ইংৰাজী মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰী নিজৰ মাতৃভাষা পৰিত্যাগ কৰি ইংৰাজী ভাষাতে শিক্ষাগ্ৰহণ কৰাৰ আশংকা কৰি মাতৃভাষা বাধ্যতামূলক কৰিবলৈ ৰাজ্যৰ বিভিন্ন জাতীয়তাবাদী দল-সংগঠনে দাবী জনাই আহিছিল। কিন্তু অৱশেষত পূৰ্বৰ নিৰ্দেশ বাতিল কৰিব লগা হয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ...

আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।আজি...

মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদছামিমৰ গাড়ীয়ে মঠঘৰীয়াত সংঘটিত কৰিছিল...

সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা: অতুল বৰা

বিভাগীয় দায়িত্ব লাভৰ পাছতেই প্ৰথম কাৰ্যসূচী মন্ত্ৰী অতুল বৰাৰ।অসম...