১০০ দিন সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

তিনি মাহত কি কি কৰিলে চৰকাৰখনে?

গো-সুৰক্ষা আইনৰ পৰা ড্ৰাগছবিৰোধী অভিযানলৈ

প্ৰশাসনীয় সংস্কাৰৰ পৰা BTRত শান্তি ঘূৰাই অনালৈকে

আলফাক আলোচনাৰ মেজলৈ আহ্বানৰ পৰা দুৰ্নীতিমুক্ত অসমলৈ

চাওঁতে চাওঁতে ১০০ দিন পাৰ হ’ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ১০ মে’ত শপত লৈছিল। এই ১০০ দিনতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বৰ কোনো এখন চৰকাৰে নকৰা কাম এটাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাম আৰম্ভ কৰিছিল। এই কামটো হ’ল ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান। এসময়ত হিতেশ্বৰ শইকীয়া আছিল অসমৰ মুখ্যমন্ত্ৰী। বহুতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু কাৰ্যকলাপক হিতেশ্বৰ শইকীয়াৰ লগতো তুলনা কৰিছে।

১০মে’ত শপত গ্ৰহণ কৰিয়েই  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  গ্ৰহণ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

১)ড্ৰাগছ,জুৱাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

২)অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা তথা ৰূপায়ণত আহি পৰা স্থবিৰতা সন্দৰ্ভত আলোচনা৷

৩)পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ আৰু পৰেশ বৰুৱায়ো দিলে এইক্ষেত্ৰত ইতিবাচক সঁহাৰি৷

৪)নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত কিদৰে আগবাঢ়িব পাৰি তাৰ ওপৰত ৰিপ’ৰ্ট তৈয়াৰ কৰিবলৈ মন্ত্ৰী অশোক সিংঘলৰ নেতৃত্বত ৫ জনীয়া কমিটী গঠন৷

৫)নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয় ১ লাখ চাকৰি দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ,৩জনীয়া কমিটী গঠন৷

৬)অসমৰ বান নিয়ন্ত্ৰণ ব্যৱস্থাৰ বুজ লৈ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ নিৰ্দেশ৷

৭)অসম চৰকাৰৰ নিজস্ব উদ্যোগত প্ৰতিবছৰে এগৰাকী ব্যক্তিক অসম ৰত্ন,৩গৰাকীক অসম বিভূষণ, ৫গৰাকীক অসম ভূষণ,১০গৰাকীক অসমশ্ৰী সন্মান দিয়াৰ সিদ্ধান্ত।

৮) গৰু ছিণ্ডিকেট বন্ধ কৰাৰ স্বাৰ্থত গো–সুৰক্ষা বিধেয়কখন আইনত পৰিণত কৰা।

৯) ঐতিহাসিক বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পৰ লগত সংযোজিত কৰিবৰ বাবে অতিৰিক্ত প্ৰায় ৩৫ বিঘা মাটিৰ আবণ্টন।

১০) কয়লা ছিণ্ডিকেট ৰোধৰ বাবে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, পৰিবহণ মন্ত্ৰীৰ পৰ্যবেক্ষণত অহা ৩১ মাৰ্চলৈ বৰাক ভেলীৰ দীঘৰখাল, শ্ৰীৰামপুৰত কয়লা ট্ৰাকসমূহৰ জোখ-মাখ লোৱা হ’ব।ছাগলীয়া গেটেৰে এতিয়াৰ পৰা কোনো কয়লাৰ ট্ৰাক অহা-যোৱা কৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...