আজি দেশজুৰি পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয়কৈ নাই। প্ৰতি গৰাকী ভাৰতীয়ৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে সোমাই আছে কাৰ্গিল যুদ্ধৰ বিভীষিকাৰ কথা। সেই যুদ্ধত প্ৰযুক্তিৰ দিশত এতিয়াৰ দৰে সমৃদ্ধ নহৈও অসম্ভৱকো কৰি তুলিছিল ভাৰতে। কিন্তু, কেনেকৈ আগ্ৰাসী পাকিস্তানক ভেটা দিছিল ভাৰতে?
আমাৰ বেছিভাগৰ বাবে, বোফ’ৰ্ছ হৈছে ভাৰতীয় প্ৰতিৰক্ষা চুক্তিৰ দুৰ্নীতিৰ স্মাৰক। ১৯৮৯ চনত ভাৰতীয় সেনাৰ বাবে বোফ’ৰ্ছ ক্ৰয় কৰা চৰকাৰখনৰ নাম কেলেংকাৰীত সাঙোৰ খোৱা বাবেই ক্ষমতাচ্যুত হৈছিল শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ। অৱশ্যে, বোফ’ৰ্ছেই আছিল ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ প্ৰকৃত নায়ক। বোফ’ৰ্ছ বৰটোপে কাৰ্গিল যুদ্ধত পাকিস্তান সৈন্যক নভবা ধৰণে ক্ষতি কৰিছিল। প্ৰথমবাৰৰ বাবে বোফ’ৰ্ছক পোনপটীয়া-আগ্নেয়াস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কাৰ্গিলখণ্ডৰ বেছিভাগ ভূখণ্ড ৮ হাজাৰ ফুট উচ্চতাত অৱস্থিত। এই উচ্চতাত এই আৰ্টিলাৰী শক্তিয়ে শত্ৰু পক্ষৰ যুদ্ধ ক্ষমতা সীমিত কৰে। যিহেতু, কাৰ্গিল যুদ্ধত চৰকাৰে কেৱল বায়ু সেনাৰ সীমিত ব্যৱহাৰৰহে অনুমতি দিছিল। পাকিস্তানী সৈন্যই চিয়াচেন আৰু কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা পথবোৰ দখল কৰাৰ এক সুচিন্তিত সামৰিক পৰিকল্পনাৰে আগবাঢ়িছিল। তেনে পৰিস্থিতিত ভাৰতীয় সেনাই পাকিস্তানী সৈন্যৰ আগ্ৰাসনক বাধা দিবলৈ কঠিনৰ পৰা কঠিন পদক্ষেপ ল’ব লগা হৈছিল। বোফ’ৰ্ছে ১২ ছেকেণ্ডত তিনি ৰাউণ্ড ফায়াৰ কৰিব পাৰে। যিয়ে আক্ষৰিক ভাৱে পাকিস্তানী সৈন্যৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল। 155 mm FH77 বোফৰ্ছে পাকিস্তানী সেনাৰ সৈতে উপলব্ধ যিকোনো মধ্যমীয়া আৰ্টিলাৰী বন্দুকতকৈ উত্কৃষ্টমানৰ আছিল। ২০০৩ চনত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ নোহোৱালৈকে বোফ’ৰ্ছৰ শ্ৰেষ্ঠতাই ভাৰতীয় সেনাক LOCৰ প্ৰতিটো গুলীৰ বিনিময়ত পাকিস্তান বাহিনীক নিয়ন্ত্ৰিত ৰখাত সহায় কৰিছিল। বোফ’ৰ্ছ বৰটোপবোৰ মাৰ্চিডিজ বেঞ্জ ইঞ্জিনৰ দ্বাৰা চালিত। যোৱা বছৰ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা M 777 হাউইৎজাৰ পোৱালৈকে বোফ’ৰ্ছেই আছিল কাশ্মীৰত থকা ভাৰতীয় সেনাৰ বাবে প্ৰধান অস্ত্ৰ। ১৯৮৯ চনত বোফ’ৰ্ছ ক্ৰয় চুক্তি দুৰ্নীতিৰ কাঠগড়াত সোমাই পৰিছিল। ভাৰত চৰকাৰে ১৯৮৬ চনৰ মাৰ্চ মাহত চুইডিছ অস্ত্ৰ নিৰ্মাতা এ বি বোফ’ৰ্ছৰ সৈতে ১,৪৩৭ কোটি টকা ব্যয়েৰে 155 mmৰ ৪০০ হাউইৎজাৰ বোফ’ৰ্চ ক্ৰয়ৰ বাবে চুক্তি কৰিছিল। ১৯৮৭ চনৰ এপ্ৰিল মাহত চুইডিছ ৰেডিঅ’ই দাবী কৰে যে কোম্পানীটোৱে চুক্তিটো সম্পন্ন কৰিবলৈ শীৰ্ষ ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰতিৰক্ষা কৰ্মীসকলক উৎকোচ দিছিল। এই অভিযোগে ভাৰতত এক বৃহৎ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰিছিল। ৰাজীৱ গান্ধী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ভিপি সিঙে তাত্ক্ষণিকভাৱে পদত্যাগ কৰিছিল। অৱশ্যে, ভিপি সিঙে তেতিয়া কৈছিল যে, তেওঁ বোফৰ্ছ কেলেংকাৰীৰ বাবে নহয়, জাৰ্মানীৰ সৈতে HDW চাবমেৰিন চুক্তিত দুৰ্নীতিৰ অভিযোগতহে পদত্যাগ কৰিছিল। ভিপি সিঙে অৱশ্যে ১৯৮৯ চনৰ নিৰ্বাচনত বোফৰ্ছক তেওঁৰ নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। ‘গলি গলি মে চৌৰ হে, ৰাজীৱ গান্ধী চৌৰ হে’ শ্লোগানে কংগ্ৰেছৰ বাবে ধ্বংস মাতি আনিছিল। অৱশ্যে, ৰাজীৱ গান্ধীয়ে পৰৱৰ্তী সময়ত বোফ’ৰ্ছ গোচৰত ক্লিন চিট পাইছিল। কাৰ্গিল যুদ্ধৰ পিছৰে পৰা বোফ’ৰ্ছক উন্নীত কৰা হৈছে আৰু এতিয়া ইয়াৰ পৰিসৰো বৃদ্ধি পাইছে। বোফৰ্ছৰ এতিয়া পাকিস্তান অধিকৃত কাশ্মীৰৰ ভিতৰৰ সামৰিক ঘাটি সমূহ ধ্বংস কৰাৰো ক্ষমতা আছে, যাৰ ভিতৰত আছে স্কাৰ্ডু, য’ত Northern Light Infantryৰ এটা গোট অৱস্থিত। বোফ’ৰ্ছক ১০ হাজাৰৰ পৰা ১৩ হাজাৰ ফুট উচ্চতাত স্থাপন কৰা হৈছে যাতে পাকিস্তানী সৈন্যৰ প্ৰতিটো গুলীৰ উত্তৰ ভাৰতে দিব পাৰে। শেহতীয়াভাৱে, বোফ’ৰ্ছৰ প্ৰযুক্তিৰে ইয়াৰ দেশীয় সংস্কৰণ ধনুছ বৰটোপো তৈয়াৰ কৰা হৈছে।
NATIONAL DESK, NKTV