গুৱাহাটী, ১৭ জুলাই, NKTV: মাজুলীৰ দক্ষিণপাট সত্ৰত গঢ় লৈ উঠা এখন চিৰিয়াখানাই ক্ৰমে বৰ্ধিত ৰূপ পাইছে। প্ৰতি বছৰে বাৰিষাৰ সময়ত মাজুলীৰ গাঁৱে ভুঁঞে উদ্ধাৰ হয় বিবিধ প্ৰজাতিৰ জীৱ-জন্তু। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বানত উটি আহি মাজুলীত উদ্ধাৰ হোৱা এই জীৱ জন্তু সমূহ গাঁৱৰ ৰাইজে ধৰি সত্ৰৰ এই চিৰিয়াখানা লৈ দান কৰে। আৰু এনেকৈয়ে ক্ৰমান্বয়ে বৰ্ধিত হৈছে ইয়াৰ আকাৰ। সত্ৰলৈ অহা দর্শনাৰ্থীৰ অন্যতম আকৰ্ষণ এই চিৰিয়াখানাখন। মাজুলীৰ পৰা মিটু খাটনিয়াৰৰ এক প্ৰতিবেদন।