২০২১-২২ বৰ্ষৰ বাজেট জনকল্যাণমুখী : মুখ্যমন্ত্রী ড° শৰ্মা

গুৱাহাটী, ১৬ জুলাই, NKTV: বিত্ত মন্ত্রী অজন্তা নেওগে অসম বিধান সভাত আজি দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন জনকল্যাণমুখী বাজেট বুলি অভিহিত কৰে। মুখ্যমন্ত্রী শর্মাই কয় যে ৰাজ্যখনৰ বাবে আজি এক গৌৰৱৰ দিন। প্রথমবাৰৰ বাবে এগৰাকী মহিলাই বিত্ত মন্ত্রী হিচাপে বাজেট দাখিল কৰিলে। জনসাধাৰণৰ ওপৰত কোনাে অতিৰিক্ত কৰ আৰােপ নকৰাকৈ প্রায় ১.০৭ লাখ কোটি টকাৰ পূৰ্ণাংগ বাজেট দাখিল কৰি তেওঁ নিৰ্বাচনৰ পূর্বে প্রদান কৰা প্রতিশ্রুতি পূৰণৰ ৰূপৰেখা দাঙি ধৰিছে। মুখ্যমন্ত্ৰীয়ে এনে এখন জনকল্যাণমুখী বাজেট দাখিলৰ বাবে বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেটখনত মাইক্রফাইনেন্সৰ ঋণ ৰেহাই, নিবনুৱা যুৱকৰ বাবে কর্ম সংস্থাপন তথা অৰুণােদয় আঁচনিৰ হিতাধিকাৰী বৃদ্ধিৰ লগতে মাহিলী ধনৰাশিৰ পৰিমাণ এহেজাৰ টকালৈ বৃদ্ধিৰ প্রস্তাৱ আগবঢ়োৱা হৈছে।

চৰকাৰখনে যি কৃষি বিপ্লৱৰ কথা কৈ আহিছে বাজেটখনত কৃষি আয়ােগ গঠনৰ জৰিয়তে সেই দিশত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ আভায় দিয়া হৈছে। তেওঁ কয় যে ৰাজ্যখন যাতে কৃষিজাত, উদ্যান শস্য, দুগ্ধজাত সামগ্ৰী আৰু পশুধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে তাৰ বাবে এই বাজেটৰ জৰিয়তে প্রয়াস কৰা হৈছে। ৰাজ্যৰ প্রতিটো অংগনৱাড়ী কেন্দ্ৰত বিদ্যুৎ সংযােগ স্থাপন কৰা, গ্রামাঞ্চলত এহেজাৰ খনকৈ চিকিৎসালয় আৰু ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণ সম্পর্কে দাঙি ধৰা প্ৰস্তাৱ যুগান্তকাৰী বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সাম্প্রতিক ক’ভিডকালীন পৰিস্থিতিত ডিজিটেল ক্ষেত্ৰখনত দেখা দিয়া বৈষম্যই শৈক্ষিক ব্যৱস্থাটোক পংগু কৰি তােলাৰ উপক্ৰম হৈছিল। সেই দিশৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ প্রায় ৮ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া স্মার্ট ফোন প্রদানৰ বাবে কৰা বাজেট ঘােষণাই ডিজিটেল বৈষম্য হ্রাস কৰিবলৈ সক্ষম হ’ব। বাজেটখনত ৰাজহ সংগ্ৰহৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰাে মুখ্যমন্ত্রী শর্মাই শলাগ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...