জুন মাহত মৰিয়নিত বিদ্যুৎ বিভাগে সংগ্ৰহ কৰিলে তিনি লাখৰো অধিক জৰিমনা

গুৱাহাটী, ২ জুলাই, NKTV: মৰিয়নিত বিদ্যুৎ বিভাগৰ অভিযান। অভিযানক্ৰমে এটা মাহৰ ভিতৰতেই বিদ্যুৎ বিভাগে সংগ্ৰহ কৰিলে তিনি লাখৰো অধিক জৰিমনা। ইয়াৰ উপৰিও মৰিয়নিত বিদ্যুৎ বিভাগে কেৱল জুন মাহৰ ভিতৰতেই প্ৰায় এক কোটি ত্ৰিছ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ যে শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰি আৰু বিদ্যুৎ মাচুলক লৈ তৎপৰ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ বিদ্যুৎ বিভাগ সমূহো তৎপৰ হৈ উঠিছে। ইয়াৰ সমান্তৰালভাৱে মৰিয়নিৰ বিদ্যুৎ বিভাগটোও তৎপৰ হোৱা পৰিলক্ষিত হৈছে। মৰিয়নি নাগাজংকাস্থিত বৈদ্যুতিক উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া জ্যোতি প্ৰসাদ পেগুৰ নেতৃত্বত মৰিয়নিৰ বিভিন্ন ঠাইত এটা অভিযানকাৰী নিজৰ অভিযান আৰম্ভ কৰিছিল। অভিযানক্ৰমে মৰিয়নিৰ বিভিন্ন ঠাইৰ পৰা বিদ্যুৎ চুৰি কৰা ব্যক্তিসকলৰ পৰা কেৱল জুন মাহৰ ভিতৰতেই তিনি লাখৰো অধিক জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে এক কোটি ত্ৰিছ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...