দুবছৰতকৈ অধিক সময় ভাৰতত নিৰ্বাসিত জীৱন কটোৱাৰ পিছত অৱশেষত বাংলাদেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিছে দেশখনৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, অহা ১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে আৱামী লীগৰ নেত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ মুক্তিযুদ্ধৰ সমাপ্তিৰ স্মৃতিত প্ৰতি বছৰে ১৬ ডিচেম্বৰত বিজয় দিৱস পালন কৰা হয়।
বিগত কেইবামাহ ধৰি বাংলাদেশলৈ উভতি অহাৰ ইংগিত দি আহিছিল হাছিনাই। কিন্তু এইবাৰেই প্ৰথমবাৰৰ বাবে তেওঁ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিছে। এনে পৰিস্থিতিয়ে বাংলাদেশত নতুনকৈ ৰাজনৈতিক আৰু আইনী উত্তেজনাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেশখনত বৰ্তমান তেওঁৰ দল আৱামী লীগ নিষিদ্ধ হৈ আছে।
ৰয়টাৰ্ছক দিয়া এক বিবৃতিত হাছিনাৰ মুখপাত্ৰ ছৈয়দ মজাম্মেল আলীয়ে কয়, “২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশৰ এখন বিমানযোগে শ্বেখ হাছিনাক ভাৰতলৈ অনা হৈছিল। এতিয়া তেওঁ ভাৰত চৰকাৰক দিল্লীৰ পৰা ঢাকালৈ উভতি যাবলৈ বিমানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।”
তেওঁ লগতে কয়, “সংবিধানৰ পৰিপন্থীভাৱে এনে পৰিস্থিতিত তেওঁক নিৰ্বাসিত কৰা হৈছিল। সেয়েহে ১৬ ডিচেম্বৰৰ বিজয় দিৱসত তেওঁক বাংলাদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাটো এতিয়া চৰকাৰৰ দায়িত্ব।”
ইফালে, হাছিনাই বাংলাদেশৰ ৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা ‘বিমান বাংলাদেশ এয়াৰলাইনছ’ৰ বিমানযোগে স্বদেশলৈ উভতি অহাৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনাইছে। ইয়াৰ উপৰি ভাৰতলৈ পলায়ন কৰাৰ কেইমাহমানৰ পিছতে বাতিল কৰা তেওঁৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহ পুনৰ প্ৰদানৰো দাবী জনাইছে।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে নতুন পাছপ’ৰ্ট আৰু অন্যান্য নথি-পত্ৰৰ বাবে হাছিনাই আবেদন কৰাৰ পিছৰে পৰা বাংলাদেশত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। যোৱা সপ্তাহত তেওঁৰ প্ৰত্যাৱৰ্তনৰ সমৰ্থনত আৱামী লীগৰ সমৰ্থকসকলে প্ৰতিবাদ আৰু সমদল উলিয়ায়। ১৯ নৱেম্বৰত দেশজুৰি বন্ধৰ কাৰ্যসূচীও পালন কৰা হয়। অৱশ্যে এই সন্দৰ্ভত বাংলাদেশ চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
ইফালে, বাংলাদেশৰ এগৰাকী মন্ত্ৰীয়ে ৰয়টাৰ্ছক জনোৱা মতে, মৃত্যুদণ্ডৰ সন্মুখীন হোৱা শ্বেখ হাছিনাই দেশলৈ উভতি আহিলেই গ্ৰেপ্তাৰ হ’ব আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ লগতে কয় যে হাছিনাক ঘূৰাই অনাৰ বাবে বিমানৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত ভাৰতৰ সৈতে বাংলাদেশ চৰকাৰৰ কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই।
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্বামা ওবায়েদ ইছলামে ৰয়টাৰ্ছক কয়, “তেওঁ বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ লগে লগেই গ্ৰেপ্তাৰ কৰা হ’ব। তাৰ পিছত তেওঁক কাৰাগাৰলৈ নিয়া হ’ব আৰু আইনে নিজৰ গতিত কাম কৰিব।”
তেওঁ লগতে কয়, “আমি বিচাৰো ভাৰতে প্ৰত্যৰ্পণ চুক্তিক সন্মান জনাই এগৰাকী দোষী সাব্যস্ত হোৱা ব্যক্তি হিচাপে তেওঁক বাংলাদেশলৈ ঘূৰাই পঠিয়াওক। আইনে নিজৰ কাম কৰিব। শ্বেখ হাছিনাই তেওঁৰ কৰ্মৰ পৰিণাম ভোগ কৰিব লাগিব।”
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, হাছিনাৰ চৰকাৰৰ পতনৰ কাৰণ হোৱা হিংসাত্মক প্ৰতিবাদৰ সময়ছোৱাত প্ৰায় ১,৪০০ লোকৰ মৃত্যু হৈছিল।
ছাত্ৰ-নেতৃত্বাধীন গণ আন্দোলন দমন কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগত বাংলাদেশৰ যুদ্ধাপৰাধ ন্যায়াধিকৰণে যোৱা বছৰৰ নৱেম্বৰ মাহত তেওঁৰ অনুপস্থিতিতে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। অৱশ্যে নিৰ্বাসিত অৱস্থাৰ পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে হাছিনাই।
