বজাৰত বহুলভাৱে পৰিচিত বটলজাত খোৱাপানীৰ ব্ৰেণ্ড বিসলেৰী (Bisleri)ৰ পানীৰ নমুনা পৰীক্ষাত বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে। দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা FSSAI-এ উক্ত নমুনাটোক খোৱাৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰিছে। লগতে সংস্থাটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতিও প্ৰদান কৰিছে।
এই বিতৰ্কৰ মাজতে সোমবাৰে মুখ খুলিছে বিসলেৰী ইণ্টাৰনেশ্যনেলে (Bisleri International)। সংস্থাটোৱে নিজৰ সামগ্ৰীৰ গুণগত মানৰ সন্দৰ্ভত আশ্বাস দি দাবী কৰিছে যে তেওঁলোকৰ পানী সম্পূৰ্ণৰূপে খোৱাৰ উপযোগী আৰু নিৰাপদ। উৎপাদিত খোৱাপানীৰ গুণগত মান বজাই ৰাখিবলৈ কেইবাটাও পৰ্যায়ত কঠোৰ পৰীক্ষা কৰা হয় বুলিও জানিবলৈ দিছে সংস্থাটোৱে।
লগতে বিগত ১৪ মাহত FSSAIৰ পৰা কোনো জাননী লাভ কৰা নাই বুলিও দাবী কৰিছে বিসলেৰীয়ে। অৱশ্যে এই বিষয়ত নিয়ন্ত্ৰক সংস্থাটোৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে।
সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত বিসলেৰীয়ে কয়, ‘খোৱাপানীৰ সুৰক্ষা বিসলেৰীৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়। ১০টা পৰ্যায়ৰ উৎপাদন প্ৰক্ৰিয়াত ৯০টাতকৈও অধিক পৰীক্ষা সম্পন্ন কৰি আমি কঠোৰ গুণগত নিয়ন্ত্ৰণ বজাই ৰাখোঁ। যথাযথ নিয়ন্ত্ৰণমূলক প্ৰক্ৰিয়াৰ জৰিয়তে বিষয়টোৰ সমাধানৰ বাবে FSSAIৰ সৈতে সহযোগিতা অব্যাহত ৰাখিম।’
সংস্থাটোৰ মতে, দীৰ্ঘদিন ধৰি গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰি আহিছে বিসলেৰীয়ে আৰু তেওঁলোকৰ খোৱাপানী ব্যৱহাৰৰ বাবে নিৰাপদ।
বিসলেৰীৰ দাবী অনুসৰি, এই বিতৰ্কৰ সূত্ৰপাত হৈছিল প্ৰায় ১৪ মাহ পূৰ্বে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গোৱাত থকা বিসলেৰীৰ উৎপাদন কেন্দ্ৰত প্ৰস্তুত কৰা এটা বেচৰ ছটা নমুনা সংগ্ৰহ কৰিছিল FSSAI-এ। সেই নমুনাসমূহৰ পৰীক্ষাত প্ৰথমে নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰোমেটৰ উপস্থিতি ধৰা পৰিছিল।
FSSAIৰ তথ্য অনুসৰি, প্ৰাথমিক পৰীক্ষাত পাঁচটা নমুনাই নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিছিল যদিও ষষ্ঠ নমুনাটোত প্ৰতি লিটাৰ পানীত ১২ মাইক্ৰ’গ্ৰাম ব্ৰোমেট পোৱা গৈছিল। আনহাতে, ইয়াৰ অনুমোদিত সীমা হৈছে ১০ মাইক্ৰ’গ্ৰাম। ইয়াৰ পিছতে উক্ত পানীৰ নমুনাটোক ‘খোৱাৰ বাবে নিৰাপদ নহয়’ বুলি ঘোষণা কৰা হয়।
২০২৫ চনৰ ২২ নৱেম্বৰত FSSAIৰ এই পৰীক্ষাৰ প্ৰতিবেদনৰ বিৰুদ্ধে আবেদন জনায় বিসলেৰীয়ে। ইয়াৰ পিছতে নমুনাটো পুনৰ পৰীক্ষাৰ বাবে ৰেফাৰেল লেবৰেটৰীলৈ প্ৰেৰণ কৰা হয়।
বিসলেৰীৰ দাবী অনুসৰি, দ্বিতীয়টো পৰীক্ষাত ব্ৰোমেটৰ মাত্ৰা অনুমোদিত সীমাৰ ভিতৰত পোৱা গৈছিল যদিও পানীত পলিনিউক্লিয়াৰ এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAHs)ৰ উপস্থিতি ধৰা পৰে। বিশেষজ্ঞসকলৰ মতে, এই ৰাসায়নিক পদাৰ্থৰ কিছুমান যৌগ বিষাক্ত আৰু কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।
উল্লেখ্য যে, ব্ৰোমেট হৈছে এবিধ ৰাসায়নিক যৌগ, যিটো পানী বীজাণুমুক্ত কৰাৰ কিছুমান পদ্ধতিত ব্যৱহাৰ কৰা হয়। কিন্তু নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰোমেটৰ সংস্পৰ্শত দীৰ্ঘদিন থাকিলে বৃক্কৰ ক্ষতি আৰু কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে।
দুয়োটা পৰীক্ষাৰ ফলাফলৰ মাজত পাৰ্থক্য থকাৰ বাবে বিসলেৰীয়ে FSSAIৰ অনুমোদিত আন এটা পৰীক্ষাগাৰতো একেটা নমুনা পৰীক্ষা কৰোৱায়। সংস্থাটোৰ দাবী অনুসৰি, তাতো ব্ৰোমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাৰ ভিতৰতে পোৱা গৈছিল।
বিসলেৰীৰ বক্তব্য অনুসৰি, ২০২৬ চনৰ ২ ফেব্ৰুৱাৰীত স্বাধীন পৰীক্ষাৰ প্ৰতিবেদন FSSAIৰ পশ্চিম মণ্ডলীয় কাৰ্যালয়ত জমা দিয়া হৈছিল। ইয়াৰ পিছত সংস্থাটোৰ সৈতে আৰু কোনো যোগাযোগ কৰা হোৱা নাছিল।
আনকি ই-মেইল অথবা ডাকযোগে কোনো জাননী লাভ কৰা নাই বুলিও দাবী কৰিছে বিসলেৰীয়ে। FSSAIৰ ৱেবছাইটতো সংশ্লিষ্ট জাননী বিচাৰি পোৱা নাছিল বুলি উল্লেখ কৰি সংস্থাটোৱে বিষয়টো নিষ্পত্তি হোৱা বুলি ধাৰণা কৰিছিল।
আনহাতে, FSSAIৰ মতে, প্ৰাথমিক পৰীক্ষাৰ পিছত ৰেফাৰেল লেবৰেটৰীত কৰা পৰীক্ষাতো নমুনাটো খোৱাৰ বাবে নিৰাপদ নহয় বুলি চিনাক্ত কৰা হৈছিল। সেই প্ৰতিবেদনৰ ভিত্তিতেই Food Safety and Standards Act, 2006 অনুসৰি সংস্থাটোৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে, বিসলেৰীৰ এটা নিৰ্দিষ্ট বেচৰ পানীৰ নমুনাৰ পৰীক্ষাতহে এই ফলাফল পোৱা গৈছে। বজাৰত উপলব্ধ বিসলেৰীৰ সকলো বটলজাত পানী অনিৰাপদ বুলি FSSAI-এ এতিয়ালৈকে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।
