ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে চীনে বহুমুখী কৌশল গ্ৰহণ কৰা বুলি সতৰ্ক কৰিছে আমেৰিকাৰ এখন কংগ্ৰেছীয় কমিটীয়ে। US-China Economic and Security Review Commission-ৰ ২০২৬ বৰ্ষৰ প্ৰতিবেদনত চীনৰ সৈতে পাকিস্তানৰ গভীৰ হৈ পৰা সামৰিক সম্পৰ্কক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, অত্যাৱশ্যকীয় ঔদ্যোগিক সামগ্ৰী, প্ৰযুক্তি আৰু বিশেষজ্ঞতাৰ যোগান নিয়ন্ত্ৰণ কৰি ভাৰতে নিজৰ উৎপাদন আৰু প্ৰতিৰক্ষা সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বেইজিঙে।
লগতে, পাকিস্তানৰ সৈতে চীনৰ ক্ৰমবৰ্ধমান সামৰিক সহযোগিতাই ভাৰতৰ বাবে দুটা সীমান্তত একেলগে নিৰাপত্তাজনিত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে কমিটীখনে। ২০২৫ চনৰ মে’ মাহত ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত চীনে প্ৰত্যক্ষভাৱে যুদ্ধত অংশ নোলোৱাকৈ পাকিস্তানক সহায় কৰাৰ বিষয়টোও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰি, ভাৰত মহাসাগৰ আৰু দক্ষিণ এছিয়াত চীনৰ ক্ৰমবৰ্ধমান উপস্থিতিয়ে ভাৰতৰ কৌশলগত প্ৰভাৱ হ্ৰাস কৰাৰ আশংকাও প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিবেদনখনত।
