শ্বেখ হাছিনা উভতি অহাৰ পূৰ্বে বাংলাদেশৰ বিভিন্ন জিলাত অব্যাহত আছে অশান্তি। ৰাষ্ট্ৰীয় ঐক্য প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিৰোধী দলসমূহৰ নেতাসকলৰ সৈতে বৈঠকত বহিব বিচাৰিছে প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা উভতি অহাৰ পূৰ্বে বাংলাদেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অশান্তিৰ ঘটনা। দেওবাৰে পুৱতি নিশাও খাগড়াছড়িত এগৰাকী ছাত্ৰ নেতাৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঐক্য প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিৰোধী দলসমূহৰ সৈতে বৈঠকত বহিব বিচাৰিছে প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে।
বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ এক প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে আগন্তুক কেইদিনমানৰ ভিতৰতে জামাত-ই-ইছলামীৰ মুৰব্বী শফিকুৰ ৰহমান আৰু নেচনেল চিটিজেন পাৰ্টি (এনচিপি)ৰ মুৰব্বী নাহিদ ইছলামৰ সৈতে তাৰেক ৰহমানৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে। ইতিমধ্যে এই বৈঠকৰ প্ৰস্তুতি আৰম্ভ হৈছে।
বৰ্তমান নাহিদ আৰু শফিকুৰ দুয়োগৰাকী বাংলাদেশৰ বাহিৰত আছে। তেওঁলোক দেশলৈ উভতি অহাৰ পিছত তাৰেক ৰহমানে দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে। অৱশ্যে এই বৈঠকলৈ কোন কোন ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হ’ব আৰু কি কি বিষয়ত আলোচনা কৰা হ’ব, সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি বিএনপিৰ সূত্ৰই জানিবলৈ দিছে।
ইয়াৰ পূৰ্বে যোৱা ১৮ নৱেম্বৰত দেশত বৃদ্ধি পোৱা অশান্তিৰ ঘটনাক লৈ মুখ খুলিছিল তাৰেক ৰহমানে। আৱামী লীগক ‘সন্ত্ৰাসবাদী সংগঠন’ বুলি অভিহিত কৰি তেওঁ কঠোৰ হাতেৰে অৰাজকতা দমন কৰাৰ হুংকাৰ দিছিল। ভাৰতত থাকি শেখ হাছিনাই বাংলাদেশত অশান্তিৰ সৃষ্টি কৰিবলৈ উচটনি যোগোৱাৰ অভিযোগো উত্থাপন কৰিছিল তাৰেকে।
তাৰেক ৰহমানৰ ৰাষ্ট্ৰীয় ঐক্যৰ আহ্বানক ইতিমধ্যে জামাত আৰু এনচিপিয়ে আদৰণি জনাইছে।
আনহাতে, বাংলাদেশলৈ উভতি আহিলে আইন অনুসৰি শ্বেখ হাছিনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শনিবাৰে দাবী কৰিছে দেশখনৰ সংস্কৃতিমন্ত্ৰী নিতাই ৰায়চৌধুৰীয়ে। তেওঁৰ অভিযোগ, ভাৰতত থাকি হাছিনাই বাংলাদেশত অৰাজকতা সৃষ্টি আৰু ষড়যন্ত্ৰ চলাই আছে।
মাগুৰাৰ পৰা তাৰেক ৰহমানৰ মন্ত্ৰীসভাৰ এই সদস্যগৰাকীয়ে কয়, ‘‘হাছিনা ফাঁচীৰ দণ্ডপ্ৰাপ্ত অপৰাধী। তেওঁৰ লগতে তেওঁৰ সহযোগীসকলৰো ফাঁচীৰ ৰায় ঘোষণা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক আইন অনুসৰি, কোনো দেশৰ জিম্মাত যদি আন এখন দেশৰ দণ্ডিত অপৰাধী থাকে, তেন্তে তেওঁক সংশ্লিষ্ট দেশখনৰ হাতত গতাই দিব লাগে। হাছিনা আহক, আইন অনুসৰিয়েই তেওঁৰ বিচাৰ কৰা হ’ব।’’
তেওঁ লগতে কয়, ‘‘এতিয়াও তেওঁলোকে ভাৰতত বহি ষড়যন্ত্ৰ চলাই আছে। ইয়াৰ মূল কেন্দ্ৰ হৈছে গোপালগঞ্জ। টুংগীপাড়াত সাধাৰণ লোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে। আমাৰ দলৰ নেতাসকলৰ ঘৰ-দুৱাৰতো অগ্নিসংযোগ কৰি দেশত অৰাজকতা সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। এইবোৰ আৰু সহ্য কৰা নহ’ব।’’
ইফালে, খাগড়াছড়িত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা তথা কেন্দ্ৰীয় ছাত্ৰ সংসদ ডাকছুৰ সহ-সভাপতি ছাদিক কায়েমৰ বাসগৃহত দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, দুৰ্বৃত্তই ঘৰটোলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ লগতে কেৰাচিন তেল ঢালি অগ্নিসংযোগৰ চেষ্টা চলায়। অৱশ্যে স্থানীয় লোকসকলৰ তৎপৰতাত জুই সমগ্ৰ ঘৰটোলৈ বিয়পি পৰাৰ পূৰ্বেই নিৰ্বাপিত কৰা হয়। এই ঘটনাৰ আঁৰত আৱামী লীগৰ কৰ্মী-সমৰ্থকসকল জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে ছাদিক কায়েমে।
ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি আহিব বুলি ইতিমধ্যে ঘোষণা কৰিছে শ্বেখ হাছিনাই। ভাৰতত থাকিয়েই অধিবক্তাৰ জৰিয়তে তেওঁ ঢাকাৰ সৈতে যোগাযোগ কৰিছে আৰু পাছপ’ৰ্ট তথা পৰিচয়-পত্ৰ বিচাৰি আবেদন জনাইছে। অৱশ্যে এতিয়ালৈকে তেওঁৰ সেই পত্ৰৰ কোনো উত্তৰ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনাক ফাঁচীৰ শাস্তি প্ৰদান কৰিছে। দেশখনৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দাবী কৰিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী উভতি আহিলে তেওঁৰ বিৰুদ্ধে সেই শাস্তি কাৰ্যকৰী কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই।
