ৰহাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু, বন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ

ৰহাৰ আমচৈৰ খোৱাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত দুলাল জেনা নামৰ এজন লোকৰ কৰুণ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। বন বিভাগৰ চৰম গাফিলতিৰ বাবেই অঞ্চলটোত সঘনাই বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণহানি হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বনৰীয়া হাতীৰ প্ৰৱেশ পথত কৃত্ৰিম বৈদ্যুতিক বেৰ স্থাপনৰ বাবে বাৰম্বাৰ বন বিভাগ আৰু প্ৰশাসনক আবেদন জনাই অহাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যাৰ পৰিণতিত অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ আহিছে বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা।

দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ বিষয়াসকল। বিষয়াসকলে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। ইফালে, বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা, হাতীৰ প্ৰৱেশ পথত কৃত্ৰিম বৈদ্যুতিক বেৰ স্থাপন কৰাকে ধৰি কেইবাটাও দাবীৰে প্ৰশাসনক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে স্থানীয় ৰাইজে।

উল্লেখ্য যে, ৰহাৰ আমচৈ অঞ্চলত বছৰ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। বিশেষকৈ পথাৰৰ ধান পকিবলৈ ধৰাৰ সময়ত খাদ্যৰ সন্ধানত আমচৈ পাহাৰৰ পৰা জনাঞ্চললৈ নামি আহে বনৰীয়া হাতীৰ জাক। ইয়াৰ ফলত খেতি-বাতিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু লোকৰ জীৱনো বিপন্ন হৈ আহিছে। বনৰীয়া হাতীৰ এনে ধাৰাবাহিক উপদ্ৰৱৰ মাজতো ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাত ধৰমতুল বন বিভাগ ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...