নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ’ ছবিক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সূচনা হৈছে। হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদৰ অভিযোগ, এই ছবিৰ জৰিয়তে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিবলৈ চেষ্টা কৰা হৈছে।
মুক্তিৰ পাছৰে পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে নীতেশ তিৱাৰীৰ পৰিচালিত ‘ৰামায়ণ’ ছবিখন। ৰণবীৰ কাপুৰ, ছাই পল্লৱী আৰু যশ অভিনীত এই ছবিখনক লৈ বিগত কেইবাদিনো ধৰি বিতৰ্ক অব্যাহত আছে। বিশেষকৈ ৰাৱণক মহিমামণ্ডিত কৰি দেখুওৱা আৰু সীতাক হাতত অস্ত্ৰ লৈ যুদ্ধ কৰা দেখুওৱাক লৈ বিভিন্ন মহলত আপত্তি উত্থাপন হৈছে। এইবাৰ ছবিখনৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদে।
সংগঠনটোৰ অভিযোগ অনুসৰি, ছবিখনত ৰাৱণক মহিমামণ্ডিত কৰি মহৰ্ষি বাল্মীকি ৰচিত মূল ৰামায়ণৰ কাহিনী বিকৃত কৰা হৈছে। আনকি চেন্সৰ ব’ৰ্ডে ছবিখনক প্ৰদান কৰা প্ৰমাণপত্ৰ বাতিল কৰি অবিলম্বে ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰো দাবী জনাইছে সংগঠনটোৱে।
বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক বজৰংলাল বাগড়াৰ বক্তব্য অনুসৰি, ছবিখনত বাল্মীকি ৰামায়ণৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা বিকৃত কৰা হৈছে। মূল ৰামায়ণত নথকা কিছুমান ঘটনাও ছবিখনত সংযোজন কৰা হৈছে। একেদৰে বাদ দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ আৰু কাহিনী। তেওঁৰ দাবী, এই পৰিৱৰ্তনসমূহ কেৱল চিনেমাৰ প্ৰয়োজনীয়তাৰ বাবেই কৰা হোৱা নাই, বৰং ইয়াৰ জৰিয়তে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিবলৈ চেষ্টা কৰা হৈছে।
তেওঁ জনোৱা অনুসৰি, ছবিখনত অহল্যাৰ উদ্ধাৰ, ৰামৰ সৈতে নিষাদৰাজ গুহৰ বন্ধুত্ব আৰু কেবট নামৰ ৰামভক্ত নাৱৰীয়াজনৰ ভক্তিৰ দৰে গুৰুত্বপূৰ্ণ ঘটনা দেখুওৱা হোৱা নাই। উল্লেখযোগ্য যে বনবাসৰ সময়ত কেবটে নিজৰ নাৱেৰে শ্ৰীৰামচন্দ্ৰ, মাতা সীতা আৰু লক্ষ্মণক গংগা নদী পাৰ কৰাইছিল। বজৰংলাল বাগড়াৰ মতে, এই ঘটনাসমূহ ৰামৰ সৰ্বজনীন চৰিত্ৰৰ অবিচ্ছেদ্য অংগ।
ইয়াৰ বিপৰীতে, ঋষি-মুনিসকলৰ যজ্ঞ, সাধনা আৰু গুৰুগৃহৰ কাম-কাজত বাধা প্ৰদান কৰা অসুৰসকলৰ বিৰুদ্ধে ৰামৰ সংগ্ৰামক ছবিখনত বেলেগ ধৰণে উপস্থাপন কৰা হৈছে। তেওঁৰ অভিযোগ, ছবিখনত এনে এক ধাৰণা সৃষ্টি কৰা হৈছে যেন সীতাক ৰাৱণে অপহৰণ কৰাৰ প্ৰতিশোধ লোৱাটোৱেই ৰামৰ যুদ্ধৰ মূল উদ্দেশ্য আছিল।
সংগঠনটোৰ আন এক অভিযোগ অনুসৰি, ছবিখনত অহংকাৰী ৰাৱণক শোষিত আৰু বঞ্চিত লোকসকলৰ মুক্তিদাতা হিচাপে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। জ্ঞান, ভক্তি আৰু শক্তিৰ শীৰ্ষস্থানত উপনীত হোৱাৰ পাছতো অহংকাৰৰ বশৱৰ্তী হৈ ৰাৱণে আনৰ ওপৰত অত্যাচাৰ চলাইছিল। ৰামায়ণৰ প্ৰতিটো সংস্কৰণতে ৰাৱণৰ এই চৰিত্ৰৰ উল্লেখ আছে। সেয়েহে ৰাৱণক সহানুভূতিৰ দৃষ্টিৰে উপস্থাপন কৰাৰ চেষ্টা মূল কাহিনীৰ বিকৃতি বুলিও অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
ইফালে, নীতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে হিন্দু জনজাগৃতি সমিতিও। মুম্বাইৰ দাদৰ ৰে’লৱে ষ্টেচন আৰু কোলহাপুৰত সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী, ছবিখনৰ আপত্তিজনক দৃশ্য আৰু সংলাপসমূহ শীঘ্ৰে আঁতৰাব লাগে। লগতে ছবিখন পুনৰ পৰীক্ষা কৰাৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (CBFC)ৰ ওচৰতো দাবী জনোৱা হৈছে।
ইয়াৰ উপৰি, ভৱিষ্যতে ৰামায়ণৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিৰ পৰৱৰ্তী খণ্ডসমূহ মুক্তিৰ পূৰ্বে ধৰ্মীয় বিশেষজ্ঞ, ৰামায়ণৰ গৱেষক আৰু সাধু-সন্তসকলক দেখুওৱাৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
উল্লেখযোগ্য যে ‘ৰামায়ণ’ ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। সীতাৰ চৰিত্ৰত ছাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত যশক দেখা গৈছে। লক্ষ্মণৰ চৰিত্ৰত ৰবি ডুবে আৰু হনুমানৰ চৰিত্ৰত ছানী দেওলে অভিনয় কৰিছে। ইয়াৰ উপৰি ছবিখনত আছে অৰুণ গোভিল, লাৰা দত্ত, ইন্দিৰা কৃষ্ণন আৰু কাজল আগৰৱাল।
ছবিখন মুক্তি পোৱাৰ পাছৰে পৰা দৰ্শক আৰু সমালোচকসকলৰ মাজত ইয়াক লৈ বিভিন্ন আলোচনা-সমালোচনা অব্যাহত আছে। উল্লেখ্য যে ‘ৰামায়ণ’ৰ দ্বিতীয় খণ্ড ২০২৮ চনত মুক্তি পোৱাৰ কথা।
