অসমত চিকিৎসা শিক্ষাৰ মাচুল ১ লাখ টকালৈ বৃদ্ধি, চৰকাৰৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অসমত MBBS আৰু BDS পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, MBBS পাঠ্যক্ৰমৰ সৰ্বোচ্চ মাচুল ১ লাখ টকা আৰু BDS পাঠ্যক্ৰমৰ সৰ্বোচ্চ মাচুল ৭৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে।

নতুন নিৰ্দেশনা অনুসৰি, শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয়ৰ ভিত্তিত তিনিটা শ্ৰেণীত মাচুল নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ নামভৰ্তি সম্পন্ন হোৱাৰ পিছতো MBBS পাঠ্যক্ৰমৰ মাচুল ১ লাখ টকা পৰ্যন্ত বৃদ্ধি কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশই।

আনহাতে, অহা ৩০ নৱেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকলক নিৰ্ধাৰিত মাচুল আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে। কেৱল নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীয়েই নহয়, পূৰ্বৰ চাৰিটা শিক্ষাবৰ্ষত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ওপৰতো নতুন মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্তই অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নামভৰ্তিৰ পিছত মাচুল বৃদ্ধিৰ সিদ্ধান্ত আৰু পূৰ্বৰ শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো নতুন নিৰিখ প্ৰযোজ্য কৰাক লৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্তৰ যৌক্তিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...