ভাৰতত চিতাবাঘৰ সংখ্যা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সংযোজিত হ’ল আন এক আশাৰ খবৰ। বটছোৱানাৰ পৰা ভাৰতলৈ অনা আঢ়ৈ বছৰীয়া মাইকী চিতাবাঘ KOMG 3-এ আজি বন্য পৰিৱেশত চাৰিটা সুস্থ পোৱালিৰ জন্ম দিয়ে। এই সুখবৰক ভাৰতৰ ‘প্ৰজেক্ট চিতা’ৰ বাবে এক উল্লেখযোগ্য সফলতা হিচাপে বিবেচনা কৰা হৈছে।
উল্লেখযোগ্য যে, বটছোৱানাৰ পৰা অনা মাইকী চিতাবাঘে ভাৰতত প্ৰথমবাৰৰ বাবে পোৱালি জন্ম দিছে। বিগত ৪ মাহতকৈ অধিক সময় বন্য পৰিৱেশত কটোৱাৰ পিছত KOMG 3-এ স্বাভাৱিক পৰিৱেশতে পোৱালি জন্ম দিয়ে।
২০২২ চনত ভাৰতত চিতা পুনৰ সংস্থাপন কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত বন্য পৰিৱেশত পোৱালি জন্মৰ এয়া দ্বিতীয়টো নথিভুক্ত ঘটনা।
নতুনকৈ জন্ম হোৱা ৪টা পোৱালিকে ধৰি ভাৰতত বৰ্তমান চিতাবাঘৰ সংখ্যা ৬২টালৈ বৃদ্ধি পাইছে। ইয়াৰে ৪৩টা ভাৰততে জন্মগ্ৰহণ কৰা চিতা।
প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এই সফলতাই নতুন আশাৰ সঞ্চাৰ কৰিছে। বিশেষকৈ ভাৰতত চিতাৰ এক সুস্থিৰ আৰু স্বাৱলম্বী জনসংখ্যা গঢ়ি তোলাৰ লক্ষ্যত এই নতুন সংযোজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
এই সফলতাৰ আঁৰত আছে প্ৰজেক্ট চিতাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী, পশু চিকিৎসক, বন বিভাগৰ ক্ষেত্ৰকৰ্মী আৰু সংশ্লিষ্ট সকলোৰে নিৰন্তৰ প্ৰচেষ্টা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু বিপন্ন বন্যপ্ৰাণীৰ সংৰক্ষণৰ দিশত এয়া ভাৰতৰ বাবে এক আশাব্যঞ্জক অধ্যায়।
