প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অহা বৰ্ষৰ পৰা ভাৰতীয় ফায়াৰিং ৰেঞ্জত জাপানে পৰীক্ষা কৰিব নিজা মিছাইল

টকিঅ’ত বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত-জাপানৰ দ্বিপাক্ষিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগিতাৰ কথা ঘোষণা কৰা হৈছে। জাপানৰ আত্মৰক্ষা বাহিনীয়ে অহা বছৰৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ফায়াৰিং ৰেঞ্জ ব্যৱহাৰ কৰি দীৰ্ঘ দূৰত্বৰ মিছাইলৰ পৰীক্ষা চলাব।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শিনজিৰো কোইজুমিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত এই কথা প্ৰকাশ কৰে। বৈঠকত দুয়োখন দেশে সামুদ্ৰিক আৰু আকাশী, অনুসন্ধান আৰু উদ্ধাৰ অভিযান, তথ্য বিনিময় তথা প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ সৈতে জাহাজ মেৰামতি, মহাকাশ নিৰীক্ষণ আৰু মাইন প্ৰতিৰোধৰ ক্ষেত্ৰতো সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰি ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত UNICORN নৌ-যোগাযোগ এণ্টেনা সম্পৰ্কীয় চুক্তিৰ প্ৰয়োজনীয় অনুমোদন লাভৰ বিষয়েও দুয়োপক্ষই আশা প্ৰকাশ কৰে।

বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰত-জাপানৰ দৰে বিশ্বাসযোগ্য কৌশলগত অংশীদাৰিত্ব অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সহযোগিতাই এছিয়া আৰু বিশ্বত বহুমেৰু ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মূৰৰ দাম আছিল ৫০ হাজাৰ টকা! দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰাণী বুলন্দশ্বহৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত

দিল্লীত মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাতো...

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাজোতীৰ ৰহস্যজনক মৃত্যু

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাত থকা এগৰাকী হাজোতীৰ ৰহস্যজনক...

৩৫ বছৰৰ মূৰত কাশ্মীৰত বৃহৎ সফলতা! ‘ভাৰতত জন্মগ্ৰহণ কৰা সন্ত্ৰাসবাদীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কাশ্মীৰ’, অমিত শ্বাহৰ ডাঙৰ ঘোষণা

কুলগামত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটক নিৰাপত্তাৰক্ষীয়ে নিধন কৰিছে। নিৰাপত্তা...