‘বনভোজ খাবলৈও চৰকাৰৰ অনুমতি ল’ব লাগিব নেকি?’ পথ সুৰক্ষাক লৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শীতৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে বনভোজৰ বতৰ। বনভোজলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব নেকি? এই প্ৰশ্নক কেন্দ্ৰ কৰি নিজৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে বনভোজৰ আনন্দৰ মাজতে পথ সুৰক্ষাৰ দিশটোক বিশেষ গুৰুত্ব দিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ মতে, পৰিয়াল, বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে বনভোজলৈ যোৱাৰ আনন্দ যাতে কাৰো বাবে আজীৱন বেদনা আৰু শোকৰ কাৰণ হৈ নপৰে, তাৰ প্ৰতি সকলোৱে সজাগ হোৱা উচিত। কিয়নো বনভোজৰ বতৰত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

বিশেষকৈ দূৰৈৰ বনভোজস্থলীলৈ সোনকালে উপস্থিত হোৱাৰ উদ্দেশ্যে বহুতে নিশাৰ ভাগত অথবা পুৱতি নিশা যাত্ৰা আৰম্ভ কৰে। পুৱতি নিশা ৩-৪ বজাৰ সময়ছোৱাত এনে যাত্ৰাৰ প্ৰৱণতা অধিক দেখা যায়। কিন্তু শীতকালত এই সময়ছোৱাত ঘন কুঁৱলীৰ বাবে পথৰ দৃশ্যমানতা যথেষ্ট হ্ৰাস পায়। এনে পৰিস্থিতিত সামান্য অসাৱধানতা, অত্যধিক গতি অথবা চালকৰ টোপনিয়ে ভয়াৱহ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ উপৰি বনভোজৰ আনন্দত মদ্যপান কৰি বাহন চলোৱা, নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰা, বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া আৰু যান-বাহন আইন উলংঘা কৰাও দুৰ্ঘটনাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰা হৈছে।

পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পুৱতি নিশাৰ যাত্ৰা পৰিহাৰ কৰা, বিশেষ প’ৰ্টেলৰ ব্যৱস্থা আৰু মদ্যপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।

লগতে বনভোজলৈ যোৱাৰ পূৰ্বে বাহনৰ ব্ৰেক, টায়াৰ, লাইট আৰু অন্যান্য যান্ত্ৰিক ব্যৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিনিবলৈও পৰামৰ্শ দিয়া হৈছে। কুঁৱলীৰ সময়ত বাহনৰ গতি হ্ৰাস কৰা, আন বাহনৰ পৰা পৰ্যাপ্ত দূৰত্ব বজাই ৰখা আৰু দৃশ্যমানতা অতি কম হ’লে নিৰাপদ স্থানত ৰৈ বতৰ উন্নত হোৱালৈ অপেক্ষা কৰাৰ আহ্বান জনোৱা হৈছে।

দীঘলীয়া যাত্ৰাৰ সময়ত চালকক পৰ্যাপ্ত জিৰণি দিয়াৰ লগতে গাড়ী চলোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈও সতৰ্ক কৰি দিছে। বনভোজৰ আনন্দ উপভোগ কৰাৰ লগতে নিজৰ আৰু আনৰ জীৱনৰ সুৰক্ষাৰ প্ৰতিও দায়বদ্ধ হ’বলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, নিৰাপদে ঘৰলৈ উভতি অহাটোৱেই পৰিয়ালৰ বাবে আটাইতকৈ ডাঙৰ আনন্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মূৰৰ দাম আছিল ৫০ হাজাৰ টকা! দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰাণী বুলন্দশ্বহৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত

দিল্লীত মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাতো...

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাজোতীৰ ৰহস্যজনক মৃত্যু

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাত থকা এগৰাকী হাজোতীৰ ৰহস্যজনক...

প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অহা বৰ্ষৰ পৰা ভাৰতীয় ফায়াৰিং ৰেঞ্জত জাপানে পৰীক্ষা কৰিব নিজা মিছাইল

টকিঅ’ত বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত-জাপানৰ দ্বিপাক্ষিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে...

৩৫ বছৰৰ মূৰত কাশ্মীৰত বৃহৎ সফলতা! ‘ভাৰতত জন্মগ্ৰহণ কৰা সন্ত্ৰাসবাদীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কাশ্মীৰ’, অমিত শ্বাহৰ ডাঙৰ ঘোষণা

কুলগামত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটক নিৰাপত্তাৰক্ষীয়ে নিধন কৰিছে। নিৰাপত্তা...