ছিয়াং নদীবান্ধক লৈ প্ৰতিবাদৰ মাজতে অৰুণাচললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ; শুকুৰবাৰৰ পৰা ৩দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ আহিব গৃহমন্ত্ৰীগৰাকী

শুকুৰবাৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ভ্ৰমণকালত ৰাজ্যখনৰ উন্নয়ন, সীমান্ত সুৰক্ষা, আন্তঃগাঁথনি আৰু ছিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্টক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সম্ভাৱনা।

প্ৰস্তাৱিত বৃহৎ জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰ কৰি ছিয়াং উপত্যকাত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে ৰাজ্যখনত উপস্থিত হ’বলগীয়া গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত অৰুণাচলৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ লগতে আন্তঃগাঁথনি, নিৰাপত্তা আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’ব।

বিশেষকৈ প্ৰস্তাৱিত ছিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্ট (SUMP)ক লৈ ছিয়াং উপত্যকাত অব্যাহত থকা প্ৰতিবাদৰ বিষয়টোও তেওঁৰ ভ্ৰমণকালত চৰ্চালৈ অহাৰ সম্ভাৱনা আছে। বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ সম্ভাৱ্য প্ৰভাৱক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ আৰু বিৰোধিতা বৃদ্ধি পাইছে।

ইয়াৰ উপৰি অৰুণাচল প্ৰদেশৰ কৌশলগত গুৰুত্ব আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলাজনিত বিষয়সমূহো পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে।

ভ্ৰমণসূচী অনুসৰি, অমিত শ্বাহে বান্দেৰদেৱাৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ (PTC) আৰু ইটানগৰৰ আই জি পাৰ্কত অনুষ্ঠিত দুটা ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

আনহাতে, সীমান্তৱৰ্তী অঞ্চলসমূহৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম’ৰ অগ্ৰগতিৰো বুজ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২২ নৱেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচী সামৰি নতুন দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াত বসবাস কৰা প্ৰৱাসী অসমীয়াৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মত-বিনিময়

ফিজিত অনুষ্ঠিত কমনৱেলথ ওমেন পাৰ্লিয়ামেণ্টেৰীয়ান ৱৰ্কশ্বপৰ ষ্টাডি ট্যুৰৰ অংশ...

আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমীয়া ছবি ‘আদিশক্তি’, লাছ ভেগাছ ইণ্ডি এৱাৰ্ডত ‘শ্ৰেষ্ঠ ছবি’ৰ সন্মান

মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ...

চীনত ট্ৰাম্প, জিনপিং আৰু পুটিনৰ ঐতিহাসিক বৈঠক: বিশ্ব ৰাজনীতি আৰু ইউক্ৰেইন যুদ্ধক লৈ কি আলোচনা হ’ল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু...