ঘূৰ্ণীবতাহ ‘আকৱান’ৰ সম্ভাৱ্য প্ৰভাৱক লৈ ওড়িশাত, বিশেষকৈ পুৰী জিলাত সতৰ্ক হৈ পৰিছে প্ৰশাসন। সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে আগতীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) প্ৰাৰম্ভিক পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহটোৱে মাচিলিপট্টনম আৰু পুৰীৰ মাজৰ কোনো অঞ্চলত স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।
এই ব্যৱস্থাৰ অংশ হিচাপে ১৯, ২০ আৰু ২১ নৱেম্বৰত পুৰীৰ শ্ৰীমন্দিৰত ভগৱান জগন্নাথৰ দৰ্শনৰ পৰা বঞ্চিত হ’ব লাগিব দৰ্শনাৰ্থীসকল। কাৰ্তিক মাহৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ পুৰীত থকা এই ভক্তসকলক উক্ত তিনিদিন মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। একেদৰে এই তিনিদিনৰ বাবে ভক্ত আৰু পৰ্যটকৰ বাবে বন্ধ থাকিব গুণ্ডিচা মন্দিৰো।
আনহাতে, ঘূৰ্ণীবতাহৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিলিকা হ্ৰদত নৌকা বিহাৰ আৰু অন্যান্য জলভিত্তিক পৰ্যটন কাৰ্যকলাপো পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে।
ইয়াৰ উপৰি বেয়া বতৰৰ পৰিস্থিতিৰ মাজত কোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ১৮ নৱেম্বৰৰ পৰা পুৰী, চন্দ্ৰভাগা আৰু অস্তৰংগৰ সাগৰীয় উপকূললৈ পৰ্যটকৰ যাতায়াত নিষিদ্ধ কৰিছে প্ৰশাসনে।
পৰ্যটক, ভক্ত আৰু স্থানীয় বাসিন্দাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সম্ভাৱ্য বিপদৰ আশংকা হ্ৰাস কৰিবলৈ এই নিষেধাজ্ঞাসমূহ জাৰি কৰা হৈছে।
প্ৰশাসনৰ বিষয়াসকলে জনোৱা অনুসৰি, বতৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে। সম্ভাৱ্য ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি আৰু সতৰ্কতামূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।
