কাছাৰৰ একেটা পৰিয়ালৰ পাঁচ সদস্যক ভাৰতীয় নাগৰিকৰ স্বীকৃতি শিলচৰ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ; পূৰ্বে ৬জনক ঘোষণা কৰিছিল বিদেশী; পৰিয়ালৰ মুৰব্বী মোহনলাল দাসক ‘ষ্ট্ৰীমলাইন বিদেশী’ ঘোষণা

কাছাৰ জিলাৰ কাটিগড়াৰ সৈদপুৰৰ একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যক ভাৰতীয় নাগৰিক বুলি মত প্ৰকাশ কৰিছে শিলচৰৰ চতুৰ্থ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে। অৱশ্যে পৰিয়ালটোৰ মুৰব্বী মোহনলাল দাসক ‘ষ্ট্ৰীমলাইন বিদেশী’ (Streamline Foreigner) হিচাপে ঘোষণা কৰিছে ট্ৰাইব্যুনেলে। তিনিটা গোচৰৰ একেলগে শুনানি গ্ৰহণৰ অন্তত যোৱা ৬ নৱেম্বৰত এই ৰায় প্ৰদান কৰে ট্ৰাইব্যুনেলৰ ন্যায়াধীশ ৰঞ্জন ৰায়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে একেটা ট্ৰাইব্যুনেলেই পৰিয়ালটোৰ আটাইকেইজন সদস্যকে বিদেশী বুলি ঘোষণা কৰিছিল। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পৰিয়ালটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰকেইটা পুনৰ বিচাৰৰ বাবে ট্ৰাইব্যুনেললৈ ঘূৰাই পঠিওৱা হয়। নতুনকৈ শুনানি আৰু নথি-পত্ৰ পৰীক্ষাৰ অন্তত এইবাৰ পৰিয়ালটোৰ পাঁচগৰাকী সদস্যৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকত্বৰ দাবী গ্ৰহণ কৰে ট্ৰাইব্যুনেলে।

গোচৰকেইটা হৈছে এফ টি ৪ৰ্থ/৩৭৯/২০১৭, এফ টি ৪ৰ্থ/৩৮০/২০১৭ আৰু এফ টি ৪ৰ্থ/১১৩/২০১৯। সংশ্লিষ্ট ব্যক্তিকেইজন হৈছে মোহনলাল দাস, তেওঁৰ প্ৰয়াত পত্নী প্ৰমীলা দাস আৰু তেওঁলোকৰ চাৰিগৰাকী সন্তান পুষ্পবালা দাস, সুমনবালা দাস, সুধন দাস ওৰফে শ্ৰীধাম দাস আৰু মধু দাস।

প্ৰথমবাৰৰ শুনানিত পৰিয়ালটোৰ হৈ অধিবক্তা অমিয় ভূষণ চৌধুৰীয়ে যুক্তি আগবঢ়াইছিল। কিন্তু সেই সময়ত ট্ৰাইব্যুনেলে আটাইকেইজনকে বিদেশী বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে পৰিয়ালটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰে। ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে গোচৰকেইটা পুনৰ বিবেচনাৰ বাবে ট্ৰাইব্যুনেললৈ ঘূৰাই পঠিয়ায়।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পুনৰ শুনানিৰ সময়ত মূল নথি-পত্ৰ দাখিল কৰাৰ লগতে সাক্ষ্য গ্ৰহণ আৰু নতুনকৈ যুক্তি-তৰ্ক অনুষ্ঠিত হয়। এইবাৰৰ শুনানিত পৰিয়ালটোৰ হৈ অধিবক্তা ধৰ্মানন্দ দেৱ আৰু দেৱস্মিতা সোমে যুক্তি আগবঢ়ায়।

মোহনলাল দাসৰ দাবী অনুসৰি, তেওঁ ১৯৬৪ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতলৈ আহিছিল। এই দাবীৰ সমৰ্থনত তেওঁ ১৯৬৬ চনৰ ৪ ফেব্ৰুৱাৰীৰ ৰিলিফ এলিজিবিলিটি চাৰ্টিফিকেট, ১৯৬৭ চনৰ ভূমি ক্ৰয়ৰ দলিল আৰু ১৯৭০ চনৰ পৰা বিভিন্ন সময়ৰ ভোটাৰ তালিকা দাখিল কৰিছিল। অৱশ্যে যথাযথভাৱে প্ৰমাণিত নোহোৱাৰ বাবে ৰিলিফ এলিজিবিলিটি চাৰ্টিফিকেটখন গ্ৰহণ নকৰে ট্ৰাইব্যুনেলে। আন নথি-পত্ৰ আৰু সাক্ষ্য পৰীক্ষাৰ অন্তত মোহনলাল দাস ১৯৬৬ চনৰ পিছত কিন্তু ১৯৭০ চনৰ পূৰ্বে ভাৰতলৈ অহা বুলি মত প্ৰকাশ কৰে ট্ৰাইব্যুনেলে। সেই অনুসৰিয়েই তেওঁক ‘ষ্ট্ৰীমলাইন বিদেশী’ হিচাপে ঘোষণা কৰা হয়।

আনহাতে, মোহনলাল দাসৰ প্ৰয়াত পত্নী প্ৰমীলা দাসৰ ভাৰতীয় নাগৰিকত্বৰ দাবীৰ সমৰ্থনত তেওঁৰ ভাতৃ দিলীপ কুমাৰ দাসে গুৰুত্বপূৰ্ণ সাক্ষ্য প্ৰদান কৰে। তেওঁ পিতৃ যামিনী কান্ত দাসৰ নাম থকা ১৯৬৬ চনৰ ভোটাৰ তালিকা আৰু নিজৰ ভোটাৰ পৰিচয়-পত্ৰকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰে। দিলীপ কুমাৰ দাসৰ সাক্ষ্য বিশ্বাসযোগ্য বুলি গ্ৰহণ কৰি ট্ৰাইব্যুনেলে যামিনী কান্ত দাস ১৯৬৬ চনৰ পূৰ্বেই ভাৰতলৈ অহা বুলি মত প্ৰকাশ কৰে। ইয়াৰ ভিত্তিত প্ৰমীলা দাসৰ নাগৰিকত্বৰ দাবী গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ চাৰিগৰাকী সন্তানকো ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে।

ইফালে, অধিবক্তা ধৰ্মানন্দ দেৱে জনোৱা মতে, মোহনলাল দাসক ‘ষ্ট্ৰীমলাইন বিদেশী’ হিচাপে ঘোষণা কৰাৰ ফলত আগন্তুক ১০ বছৰলৈ তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। বৰ্তমান ৭০ বছৰৰো অধিক বয়সৰ মোহনলাল দাসৰ ক্ষেত্ৰত এই সিদ্ধান্ত বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে, একেটা পৰিয়ালৰ আটাইকেইজন সদস্যক পূৰ্বে বিদেশী বুলি ঘোষণা কৰা হৈছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ বিচাৰৰ পিছত পাঁচগৰাকী সদস্যৰ ক্ষেত্ৰত পূৰ্বৰ সিদ্ধান্ত সলনি হয়। মূল নথি-পত্ৰ, সাক্ষ্য আৰু পুনৰ শুনানিৰ ভিত্তিত ট্ৰাইব্যুনেলে গ্ৰহণ কৰা এই নতুন সিদ্ধান্তই কাছাৰ জিলাত বিশেষ চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন...

মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান...