২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্টৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা।
অহা ২৪ ডিচেম্বৰ,২০২৬ ৰ পৰা ৬ জানুৱাৰী,২০২৭ লৈ ১৪ দিনৰ কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা।
“অসম গ্ৰন্থমেলা, গুৱাহাটী” সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত অনুষ্ঠিত হৈছে সংবাদমেল।
প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সম্বোধন কৰিছে সংবাদমেল। উপস্থিত পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্টৰ বিষয়ববীয়াও।
১৪ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাক লৈ গ্ৰন্থপ্ৰেমী আৰু পঢ়ুৱৈসকলৰ মাজত ইতিমধ্যে উৎসাহৰ সৃষ্টি হৈছে।
