তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে আয়োজন কৰা সন্মিলনত ইটালীৰ নেতাগৰাকীয়ে কৰা মন্তব্যক লৈ দেওবাৰে মুখ খুলিছিল বিজেপিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কিৰেন ৰিজিজু আদিয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছিল ৰাহুল গান্ধীক।
ইটালীৰ নেতা গিয়াকোমো ফিলিবেকৰ মুখত ‘ভোট চোৰ’ শ্লোগান শুনি ক্ষুব্ধ হৈ পৰিছে বিজেপি। ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত এগৰাকী বিদেশী নেতাৰ হস্তক্ষেপক লৈ দেওবাৰেই আপত্তি প্ৰকাশ কৰিছিল শাসকীয় দলটোৱে। এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই দাবী কৰিছে যে দেশৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰি ভিছাৰ নিয়ম উলংঘা কৰিছে ফিলিবেকে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ দলেও নেতাগৰাকীৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
সোমবাৰে পুৱা চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পাৰ্টি অৱ ইউৰোপিয়ান ছ’চিয়েলিষ্টছৰ সাধাৰণ সম্পাদক ফিলিবেক সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰদান কৰা কনফাৰেন্স ভিছাৰে ভাৰতলৈ আহিছিল। কেৱল কোনো সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে ভাৰতলৈ অহা বিদেশী নাগৰিকক এই ভিছা প্ৰদান কৰা হয়।
চৰকাৰী সূত্ৰটোৰ মতে, “যি ভিছাৰেই কোনো বিদেশী নাগৰিক ভাৰতলৈ নাহক কিয়, তেওঁলোকে দেশৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিব নোৱাৰে। এনে কৰিলে সেয়া ভিছাৰ নিয়ম উলংঘা কৰাৰ সমান।”
ইটালীৰ নেতাগৰাকীক লৈ এই বিতৰ্কৰ সূত্ৰপাত হৈছিল যোৱা শনিবাৰে। কংগ্ৰেছ শাসিত তেলেংগানা চৰকাৰে সেইদিনা হায়দৰাবাদত ‘ভাৰত সন্মিলন’ নামেৰে এখন সন্মিলনৰ আয়োজন কৰিছিল। এই সন্মিলনত ৰাহুল গান্ধী, ৰেৱন্ত ৰেড্ডীকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ লগতে দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল ফিলিবেকো।
সন্মিলনত ভাষণ প্ৰদানৰ সময়ত ইটালীৰ নেতাগৰাকীয়ে ‘ভোট চোৰ, গদ্দী ছোড়’ শ্লোগান দিয়ে। প্ৰথমে হিন্দীত শ্লোগান দিয়াৰ পিছত ইংৰাজীতো ইয়াৰ অৰ্থ ব্যাখ্যা কৰে তেওঁ। উল্লেখ্য যে, বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত বুজাবুজি থকাৰ অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকলে বাৰে বাৰে এই শ্লোগান দি আহিছে।
ইয়াৰ উপৰি দিল্লীৰ ৰামলীলা ময়দানত ৰাহুল গান্ধীসকলে শেহতীয়াকৈ গ্ৰহণ কৰা কাৰ্যসূচীৰ বিষয়েও মন্তব্য কৰে ফিলিবেকে। দেশৰ ভোটাৰ তালিকাৰ প্ৰসংগতো নিজৰ মত প্ৰকাশ কৰে ইটালীৰ নেতাগৰাকীয়ে।
তেওঁ কয়, “ৰাহুল গান্ধীয়ে এক সৰল নীতিৰ কথা কৈছে। এই নীতিৰ ওপৰতেই গণতন্ত্ৰ প্ৰতিষ্ঠিত। সেয়া হৈছে ‘এজন ব্যক্তি, এটা ভোট’। স্বচ্ছ ভোটাৰ তালিকাৰ দাবীত তেওঁৰ প্ৰচাৰ আৰু দুসপ্তাহ পূৰ্বে ৰামলীলা ময়দানত হাজাৰ হাজাৰ লোকৰ সমাৱেশে আমাক সোঁৱৰাই দিয়ে যে গণতন্ত্ৰ আপোনা-আপুনি নাহে।”
তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে আয়োজন কৰা এই সন্মিলনত ফিলিবেকৰ মন্তব্যক লৈ দেওবাৰে সৰৱ হৈ পৰে বিজেপি নেতৃত্ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি শাসকীয় শিবিৰৰ কেইবাগৰাকীও নেতাই এই বিষয়ক লৈ কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰে।
অমিত শ্বাহে কয়, “দেশ-বিদেশৰ বাওঁপন্থী আদৰ্শত বিশ্বাসী লোকসকলক আমন্ত্ৰণ জনোৱা হৈছিল। তাত কংগ্ৰেছৰ যুৱৰাজো উপস্থিত আছিল। তেওঁলোকে ইয়াৰ নাম দিছিল ‘ভাৰত সন্মিলন’। অথচ ৰাহুল গান্ধীয়ে এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতবিৰোধী মতামত প্ৰকাশ কৰি সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰিছে।”
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক সমালোচনা কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও কয়, “কোনো বিদেশী ব্যক্তিয়ে ভাৰতক অপমান কৰিলে কাৰোবাক হাঁহি থকা দেখিছেনে?”
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী সঞ্জয় কুমাৰেও তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে। তেওঁৰ মতে, শনিবাৰে অনুষ্ঠিত কাৰ্যসূচীটো আছিল এখন ‘ভাৰতবিৰোধী সন্মিলন’। তেওঁ অভিযোগ কৰে যে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে বিদেশী নেতাসকলক ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে।
ইফালে, এই বিতৰ্কক লৈ মুখ খুলিছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ দল ফৰ্জা ইটালিয়াইও। দলটোৰ অন্যতম নেত্ৰী ডেবৰা বাৰগামিনিয়ে ফিলিবেকৰ মন্তব্যৰ নিন্দা কৰে।
তেওঁ কয়, “যিখন দেশে ৯৭ কোটি নাগৰিকক ভোটদানৰ সুযোগ প্ৰদান কৰে, সেই দেশৰ গণতন্ত্ৰক লৈ আন কাৰোবাৰ পৰা পাঠ লোৱাৰ প্ৰয়োজন নাই।”
মেলোনিৰ দলৰ নেত্ৰীগৰাকীয়ে লগতে কয়, “গণতন্ত্ৰত যিকোনো ব্যক্তিয়ে নিজৰ মতে যুক্তি বা অভিযোগ উত্থাপন কৰিব পাৰে। কিন্তু তাৰ বাবে তেওঁ প্ৰমাণ দাঙি ধৰিব লাগিব। তদুপৰি, এনে পৰিস্থিতিত এখন অতি বন্ধুত্বপূৰ্ণ দেশৰ আভ্যন্তৰীণ ৰাজনৈতিক বিতৰ্কত জড়িত হোৱাটো কোনোপধ্যেই উচিত নহয়।”
