বছৰ বছৰ ধৰি ক্ষমতাত থকাৰ লগতে এতিয়া দীৰ্ঘায়ুৰ সপোন দেখিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ১০০ শতাংশ অমৰত্ব সম্ভৱ নহ’লেও অন্ততঃ আৰু ৭০-৮০ বছৰ জীয়াই থাকিব বিচাৰে পুটিনে। অৰ্থাৎ তেওঁৰ লক্ষ্য ১৫০ বছৰ পৰ্যন্ত জীয়াই থকা। এই লক্ষ্য পূৰণৰ বাবে ৰাছিয়াত চলিছে বিশেষ গৱেষণা। পুটিনৰ এই ইচ্ছা পূৰণৰ বাবে গৱেষণাগাৰত দিনে-নিশাই কাম কৰি আছে তেওঁৰ অনানুষ্ঠানিক বিজ্ঞান উপদেষ্টা মিখাইল কোভালচুকে।
শেহতীয়াকৈ এই সন্দৰ্ভত এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য ডেইলী মেইল’-এ। প্ৰতিবেদন অনুসৰি, কোভালচুকৰ নেতৃত্বত ৰাছিয়াৰ এখন আগশাৰীৰ গৱেষণা কেন্দ্ৰত দীৰ্ঘায়ুৰ ৰহস্য উদ্ঘাটনৰ বাবে ব্যাপক গৱেষণা চলি আছে।
কি আছে এই গৱেষণাত? প্ৰতিবেদনত দাবী কৰা অনুসৰি, গৱেষণা কেন্দ্ৰটোত ২২-২৩টা প্ৰজাতিৰ প্ৰায় ৭,০০০ বান্দৰ ৰখা হৈছে। ইয়াৰে ৩০ বছৰৰ অধিক বয়সৰ বান্দৰবোৰৰ তেজৰ নমুনা বিশেষভাৱে সংৰক্ষণ কৰা হৈছে। বিজ্ঞানীসকলে সিহঁতৰ মগজু, শৰীৰৰ আভ্যন্তৰীণ অংগ-প্ৰত্যংগ আৰু দীৰ্ঘায়ুৰ সৈতে জড়িত জৈৱিক ৰহস্যসমূহ সূক্ষ্মভাৱে পৰীক্ষা কৰি আছে।
মানুহৰ সৈতে শাৰীৰিক আৰু জৈৱিক গঠনৰ যথেষ্ট সাদৃশ্য থকাৰ বাবেই দীৰ্ঘায়ুৰ ৰহস্য উদ্ঘাটনৰ এই গৱেষণাত বান্দৰক বাছনি কৰা হৈছে বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।
‘দ্য ডেইলী মেইল’-ৰ দাবী অনুসৰি, শেহতীয়াকৈ মস্কোত অনুষ্ঠিত এখন বিজ্ঞান সন্মিলনত কোভালচুকে নিজেই এই গৱেষণাৰ কথা প্ৰকাশ কৰিছিল। ১৮ৰ পৰা ৩০ বছৰৰ অধিক বয়সৰ বান্দৰৰ জীৱনচক্ৰৰ বিভিন্ন পৰ্যায় পৰ্যবেক্ষণ কৰাৰ লগতে বিভিন্ন জৈৱৰাসায়নিক পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে। মগজুৰ গঠন বিশ্লেষণৰ পৰা আৰম্ভ কৰি জটিল শাৰীৰিক পৰীক্ষালৈকে বিভিন্ন দিশত যুদ্ধকালীন তৎপৰতাৰে কাম চলি আছে।
আনহাতে, পুটিনৰ এই দীৰ্ঘায়ুৰ সপোন পূৰণৰ প্ৰচেষ্টাত নামি পৰিছে তেওঁৰ চিকিৎসক কন্যা মাৰিয়া ভৰোন্টছোভাও। প্ৰতিবেদন অনুসৰি, পোনপটীয়াকৈ আয়ুস বৃদ্ধিৰ কথা উল্লেখ নকৰিলেও বাৰ্ধক্যৰ গতি মন্থৰ কৰা আৰু বয়সৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা ঔষধ প্ৰস্তুতৰ গৱেষণাত তেওঁলোক একেলগে জড়িত হৈ আছে। শেহতীয়াকৈ ৰাছিয়াৰ এটা ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত পুটিনৰ কন্যাই এই বিষয়টো ৰাজহুৱা কৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যে দীৰ্ঘদিন জীয়াই থাকিব বিচাৰে, তাৰ ইংগিত যোৱা বছৰতে অন্ততঃ দুবাৰকৈ পোৱা গৈছিল। এই কথা আন কোনো নহয়, স্বয়ং পুটিনেই প্ৰকাশ কৰিছিল।
প্ৰথম ঘটনাটো ঘটিছিল চীন ভ্ৰমণৰ সময়ত। বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে অনানুষ্ঠানিক বাৰ্তালাপৰ সময়ত পুটিনে কৈছিল যে আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত ১৫০ বছৰ জীয়াই থকাটো অসম্ভৱ নহয়। সেই সময়ত মাইক্ৰ’ফোন অন হৈ থকাৰ বাবে তেওঁৰ এই মন্তব্য ৰাজহুৱা হৈ পৰে।
পুটিনৰ মতে, নিয়মীয়াকৈ অংগ প্ৰতিস্থাপন কৰিলে কেৱল আয়ুসেই বৃদ্ধি নহয়, মানুহৰ জৈৱিক বয়সো যথেষ্ট হ্ৰাস পাব পাৰে।
ইয়াৰ প্ৰায় দুমাহ পিছত মস্কোত অনুষ্ঠিত এআই সন্মিলনতো পুনৰ দীৰ্ঘায়ুৰ প্ৰসংগ উত্থাপন কৰে পুটিনে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, “কোনো আয়ুসেই যথেষ্ট নহয়। অফুৰন্ত ধন বুলি একো নাই, এটা সময়ত সকলো শেষ হয়। আয়ুসৰ ক্ষেত্ৰতো কথাটো একেই। তথাপিও মই ক’ম যে অন্ততঃ ১৫০ বছৰ জীয়াই থকাটো সম্ভৱ হ’ব পাৰে। আগতে মানুহে ৭০ বছৰ বয়সতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কিন্তু জৈৱপ্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত এতিয়া ৭০ বছৰ বয়সকো শৈশৱৰ দৰে গণ্য কৰিব পাৰি।”
পুটিনৰ ১৫০ বছৰ জীয়াই থকাৰ এই আকাংক্ষা আৰু সেই লক্ষ্যত উপনীত হ’বলৈ ৰাছিয়াত চলি থকা গৱেষণাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে।
