পলাশবাৰীৰ দখলা উপৰহালিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ ফলত অঞ্চলটোৰ বহু লোক বিভিন্ন অচিন ৰোগত আক্ৰান্ত হৈছে। আনকি বিগত তিনিটা বছৰত অঞ্চলটোত ২৮ গৰাকী লোকৰ অকাল মৃত্যু হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অৱশ্যে এই মৃত্যুৰ সৈতে উদ্যোগটোৰ প্ৰদূষণৰ কোনো সম্পৰ্ক আছে নেকি, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, প্ৰায় চাৰি বছৰ পূৰ্বে স্থাপন কৰা উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ক্ষোভ প্ৰকাশ কৰি আহিছে স্থানীয় ৰাইজে। জনবসতিপূৰ্ণ অঞ্চলত এনে উদ্যোগ স্থাপন কৰাৰ যুক্তিযুক্ততাক লৈও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।
উদ্যোগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে। লগতে উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ আৰু ইয়াৰ সম্ভাৱ্য স্বাস্থ্যজনিত প্ৰভাৱৰ বিজ্ঞানসন্মত তদন্তৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।
অতি শীঘ্ৰে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত অধিক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে।
