ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি যাব পাৰে নেকি? অৱশ্যে তেওঁৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ ফালৰ পৰা উত্থাপন কৰা দুটা চৰ্ত বাংলাদেশ চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব পাৰে। প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ নেতৃত্বাধীন চৰকাৰৰ বাবে এই বিষয়টো যথেষ্ট জটিল হোৱাৰ সম্ভাৱনা আছে।

বিবিচি বাংলাৰ এটা প্ৰতিবেদন অনুসৰি, শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত নতুন দিল্লীয়ে বাংলাদেশৰ পৰা দুটা বিষয়ত নিশ্চিতি বিচাৰিছে। প্ৰথমতে, বাংলাদেশলৈ উভতি যোৱাৰ পিছত হাছিনাৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। দ্বিতীয়তে, তেওঁৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়া যাতে ন্যায়সংগত আৰু নিৰপেক্ষ হয়, সেয়াও নিশ্চিত কৰিব লাগিব।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA) আৰু সামৰিক প্ৰতিষ্ঠানৰ একাংশ নাম প্ৰকাশত অনিচ্ছুক সূত্ৰৰ উদ্ধৃতি দি বিবিচি বাংলাৰ প্ৰতিবেদনত কোৱা হৈছে যে, আৱামী লীগৰ নেত্ৰী শ্বেখ হাছিনাক পুনৰ বাংলাদেশলৈ পঠিওৱাৰ সম্ভাৱ্য ব্যৱস্থা সন্দৰ্ভত ভাৰতে আলোচনা চলাই আহিছে।

ইফালে, হাছিনাক ঘূৰাই নিবলৈ ভাৰত চৰকাৰে সামৰিক বিমান পঠিওৱাৰ কথা বাংলাদেশক জনাইছে নেকি আৰু তেওঁৰ আইনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতাৰ নিশ্চয়তা বিচাৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ কয়, “এই সন্দৰ্ভত মোৰ একো ক’বলগীয়া নাই।”

আনহাতে, বিবিচিৰ এই প্ৰতিবেদন সন্দৰ্ভত বাংলাদেশ চৰকাৰেও এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে বাংলাদেশ চৰকাৰৰ সহকাৰী প্ৰেছ সচিব কে এম নজমুল হকে ফেচবুকযোগে শ্বেখ হাছিনাক কটাক্ষ কৰিছে। তেওঁৰ দাবী, হাছিনাক আশ্ৰয় দিবলৈ কোনো দেশেই আগ্ৰহ প্ৰকাশ কৰা নাই।

নজমুল হকে ফেচবুক পোষ্টত লিখিছে, “যুক্তৰাজ্য, সংযুক্ত আৰব আমিৰশ্বাহী, ছৌদি আৰব, ফিনলেণ্ড, আমেৰিকা, বেলাৰুছ, কাটাৰ আনকি আফ্ৰিকাৰ এখনো দেশে গণহত্যাকাৰী এগৰাকীক আশ্ৰয় দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই।”

তেওঁ লগতে দাবী কৰে যে, এতিয়া বাংলাদেশলৈ উভতি অহাটোৱেই শ্বেখ হাছিনাৰ বাবে শেষ বিকল্প হৈ পৰিছে। আৱামী লীগৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী আৰু সমৰ্থকসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ দেশলৈ উভতি অহাৰ চেষ্টা চলাইছে।

উল্লেখ্য যে, হাছিনাৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ তৰফৰ পৰা পৰ্দাৰ আঁৰত কূটনৈতিক প্ৰচেষ্টা চলি থকাৰ খবৰৰ মাজতে এই মন্তব্য কৰিছে নজমুল হকে।

প্ৰতিবেদন অনুসৰি, যোৱা ৯ নৱেম্বৰত শ্বেখ হাছিনাই বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ বাবে প্ৰথম আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰে। তেওঁ নতুন পাছপ’ৰ্ট আৰু ভ্ৰমণৰ নথি-পত্ৰৰ বাবে আবেদন জনায়।

উল্লেখযোগ্য যে, ২০২৪ চনৰ ৫ আগষ্টত ঢাকাৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লোৱাৰ দুবছৰতকৈও অধিক সময়ৰ পিছত হাছিনাই এই আবেদন জনাইছে।

কিন্তু তেওঁৰ এই পদক্ষেপে বাংলাদেশৰ ৰাজনৈতিক মহলৰ কেইবাটাও পক্ষৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা নাই বুলি জানিব পৰা গৈছে। একাংশ ৰাজনৈতিক নেতাই এতিয়াও দাবী কৰি আহিছে যে, শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ সন্মুখীন হ’বলৈ ভাৰতে তেওঁক বাংলাদেশৰ হাতত প্ৰত্যাৰ্পণ কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...