মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক আমোদজনক ঘটনা। ভুৰবন্ধাৰ দিশৰ পৰা মাছ কঢ়িয়াই আন এখন বাহনৰ তিৰপাল ফাটি যোৱাত পথৰ ওপৰতে সিঁচৰতি হৈ পৰে বোজাই কৰি অনা মাছসমূহ।

পথৰ ওপৰত পানীৰ সৈতে মাছবোৰ ছটফটাই থকা দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে মাছ বুটলি নিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মাছ কঢ়িয়াই অনা ব্যৱসায়ীজনে বাৰে বাৰে ‘এইবোৰ কিনি অনা মাছ’ বুলি চিঞৰি ৰাইজক মাছ নিবলৈ মানা কৰে।

ব্যৱসায়ীজনৰ কাতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ স্থানীয় লোকে মাছ বুটলি তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে।

ইফালে, পথৰ ওপৰত মাছ পৰি থকাৰ ফলত কিছু সময়ৰ বাবে যান-বাহনৰ চলাচল ব্যাহত হয়। অৱশ্যে মাছসমূহ বুটলি আঁতৰোৱাৰ পিছতে পৰিস্থিতি স্বাভাৱিক হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...