কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। গোলাঘাট অসামৰিক চিকিৎসালয়ত ২৩গৰাকী আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত (JMCH) মৃত্যু হোৱা আন ৩গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। পৰীক্ষাৰ পিছতে মৃতদেহসমূহ পৰিয়ালৰ লোকক চমজাই দিয়া হয়।
ইফালে, আহতসকলৰ চিকিৎসা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (GMCH) পৰা চিকিৎসকৰ এটা দল প্ৰেৰণ কৰা হৈছিল। বৰ্তমানেও JMCHত ১৫গৰাকী আহত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে দুগৰাকী অচিনাক্ত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
মৃতদেহসমূহ পৰিয়ালৰ লোকৰ হাতত পৰাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশ। আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰে পৰিয়ালৰ সদস্যসকল।
দুৰ্ঘটনাটোত নিহত লোকসকল হৈছে—
১. আব্দুল মুজিদ (ট্ৰেভেলাৰৰ চালক), কলিয়াবৰ। ২. সুভাষ দাস (ট্ৰেভেলাৰৰ কৰ্মচাৰী), নগাঁও। ৩. ৰঞ্জিতা কাটোৱাৰ, উল্টাজান, গোলাঘাট। ৪. জ্যোতি মাঝি, আমগুৰি, কঁহৰা। ৫. দৰ্পণা মাঝি, আমগুৰি, কঁহৰা। ৬. পূৰ্ণিমা গোৱালা, ৰঙাজান। ৭. অনুৰাগ গোৱালা, পূৰ্ণিমাৰ পুত্ৰ। ৮. গংগা গোৱালা, কুঠৰী। ৯. লক্ষী মাঝি, কাজিৰঙা। ১০. সুজাতা তাঁতী, বিহৰা, কাজিৰঙা। ১১. জয়ন্তী ৰবিদাস, মৰাণ। ১২. আব্দুল ৰছিদ, কুঠৰী। ১৩. গোলাপী বেগম, বঢ়মপুৰ। ১৪. দীপাঞ্জলী ৰংফাৰ্পি, কাৰ্বি আংলং। ১৫. মহম্মদ আলী, ধিং। ১৬. সুশীল ভূমিজ, বোকাখাত। ১৭. ফাৰজানা য়াছমিন, কলিয়াবৰ। ১৮. ফাৰুক আহমেদ, চামগুৰি। ১৯. ফাইজুল ইছলাম, চামগুৰি। ২০. দামিনী ঘাটোৱাল, ৰঙাজান। ২১. বেবী কৰ্মকাৰ, ৰঙাজান। ২২. ৰফিক আলী, বিহাৰ। ২৩. দীপক গুৰুং, শোণিতপুৰ। ২৪. অসীম ফুকন, নগাঁও। ২৫. ফজকিৰ আলম, নগাঁও। ২৬. মীনা দেৱী, কলিয়াবৰ।
এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
