কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছত অৱশেষত দুৰ্ঘটনাস্থলীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বুজ লোৱাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু আৰু মন্ত্ৰী অতুল বৰা।
দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত। ইয়াৰ উপৰি কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে তেওঁ। দুৰ্ঘটনাটোক লৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ সন্মুখত বিভিন্ন প্ৰশ্ন আৰু উদ্বেগ প্ৰকাশ কৰে।
কাজিৰঙাৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ৯ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সাহায্যৰ জৰিয়তে দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ চেষ্টা কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে।
দুৰ্ঘটনাৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে যান-বাহনত সংস্থাপন কৰা স্পীড লিমিট ডিভাইচৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, “স্পীড লিমিট ডিভাইচ প্ৰায় অসমৰ প্ৰতিখন গাড়ীতে লগোৱা আছে। কিন্তু তাৰ তাঁৰ এডাল ছিঙি দিলেই ডিভাইচটো নিষ্ক্ৰিয় হৈ পৰে আৰু তাৰ পাছত চালকে নিজৰ ইচ্ছামতে তীব্ৰবেগেৰে গাড়ী চলাব পাৰে।”
এই মন্তব্যৰ জৰিয়তে বাহনত স্পীড লিমিট ডিভাইচ সংস্থাপন কৰিলেই যে যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ সম্ভৱ নহয়, সেই কথা স্পষ্ট কৰিবলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে। ডিভাইচসমূহৰ সঠিক কাৰ্যকাৰিতা আৰু নিৰীক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাও এই বিষয়টোৱে উত্থাপন কৰিছে।
দুৰ্ঘটনাটোৰ সন্দৰ্ভত গাড়ীৰ মালিকসকলৰ দায়বদ্ধতাৰ বিষয়টোও উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, বহু সময়ত গাড়ীৰ মালিকসকলে চালকসকলৰ ওপৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত গন্তব্যস্থান পাবলৈ হেঁচা প্ৰয়োগ কৰে। ফলত চালকসকলে দ্ৰুতবেগেৰে গাড়ী চলাবলৈ বাধ্য হয়।
মুখ্যমন্ত্ৰীয়ে কয়, “ড্ৰাইভাৰৰ ওপৰত মালিকৰ বহুত হেঁচা থাকে। দ্ৰুতবেগত গাড়ী চলাব লাগে। এই বিষয়ত মালিকক প্ৰশ্ন সুধিলে তেওঁলোকে বেংকৰ কিস্তিৰ ধন পৰিশোধ কৰিব লাগে বুলি কয়।”
অৰ্থাৎ গাড়ীৰ ঋণৰ কিস্তি পৰিশোধ আৰু ব্যৱসায়িক লাভৰ স্বাৰ্থত চালকৰ ওপৰত সৃষ্টি হোৱা হেঁচাই পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰিব পাৰে বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰঙাজানৰ দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। চালক আব্দুল মুজিদে ষ্টিয়াৰিঙৰ ওপৰত নিয়ন্ত্ৰণ কিয় হেৰুৱালে, সেই বিষয়টো তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ।
ট্ৰেভেলাৰ চালক আব্দুল মুজিদৰ প’ষ্টমৰ্টেমক লৈ ডাঙৰ খবৰ। সুকীয়াকৈ কৰা হ’ব আব্দুল মুজিদৰ মৰণোত্তৰ পৰীক্ষা। এই কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিশেষজ্ঞ চিকিৎসকে কৰিব মৰণোত্তৰ পৰীক্ষা। দুৰ্ঘটনাৰ পূৰ্বে অসুস্থ হৈ পৰিছিল নেকি ট্ৰেভেলাৰ চালকজন? ডায়েবেটিছত ভুগি থকা মুজিদৰ দেহত শৰ্কৰাৰ পৰিমাণ শূন্য হৈ পৰিছিল নেকি? নে দুৰ্ঘটনাৰ পূৰ্বে হৃদৰোগত আক্ৰন্ত হৈছিল আব্দুল মুজিদ? এই সকলো কথা পৰীক্ষা কৰিব বিশেষজ্ঞ চিকিৎসকে।
মুখ্যমন্ত্ৰীৰ মতে, চালকজন নিচাসক্ত অৱস্থাত থাকিব পাৰে অথবা ষ্ট্ৰ’ক বা আন কোনো আকস্মিক শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে প্ৰকৃত কাৰণ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
তেওঁ কয় যে, চালকৰ শাৰীৰিক অৱস্থা, দুৰ্ঘটনাৰ পূৰ্বৰ পৰিস্থিতি আৰু গাড়ীখনৰ গতিবেগকে ধৰি সকলো দিশ পৰীক্ষা কৰা হ’ব।
যান-বাহনৰ নিয়ম-কানুন কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “বিভাগ শক্তিশালী কৰা মানে গাড়ীক ধৰা। গাড়ীক ধৰিলে মানুহে বেয়া পায়। আটাইতকৈ ডাঙৰ সমস্যা এইটোৱেই।”
এই প্ৰসংগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত বিজেপিৰ পৰাজয়ৰ পাছত হোৱা আভ্যন্তৰীণ পৰ্যালোচনাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ ভাষ্য অনুসৰি, সেই পৰ্যালোচনাত প্ৰকাশ পাইছিল যে যান-বাহনৰ নিয়ম অধিক কঠোৰ কৰাৰ বাবে একাংশ যুৱকে চৰকাৰৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল।
মুখ্যমন্ত্ৰীৰ এই মন্তব্যই পথ সুৰক্ষাৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰা আৰু জনসাধাৰণৰ মাজত সেই নিয়মসমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
ইফালে, কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ট্ৰেভেলাৰখনৰ চালক আব্দুল মুজিদৰ মৰণোত্তৰ পৰীক্ষাক লৈও আহিছে বিশেষ খবৰ। আন নিহতসকলৰ পৰা পৃথককৈ আব্দুল মুজিদৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ সময়ত চালকজনৰ শাৰীৰিক অৱস্থা কেনে আছিল, তেওঁ কোনো আকস্মিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল নেকি অথবা আন কোনো কাৰণত ষ্টিয়াৰিঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল নেকি, সেই দিশসমূহৰ তদন্তৰ বাবে এই মৰণোত্তৰ পৰীক্ষা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
উল্লেখ্য যে, ৰঙাজানৰ এই শোকাৱহ পথ দুৰ্ঘটনাই সমগ্ৰ অসমতে গভীৰ শোকৰ সৃষ্টি কৰিছে। ২৬গৰাকীকৈ লোকৰ মৃত্যুৰ পাছত পথ সুৰক্ষা, বাহনৰ অত্যধিক যাত্ৰী পৰিবহণ, দ্ৰুতবেগ আৰু চালকৰ ওপৰত গাড়ীৰ মালিকৰ হেঁচাৰ বিষয়সমূহ পুনৰ গুৰুত্বসহকাৰে চৰ্চালৈ আহিছে।
মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন আৰু তদন্তৰ ঘোষণাৰ পাছত এতিয়া এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু দায়বদ্ধ ব্যক্তিৰ সন্দৰ্ভত তদন্তৰ ফলাফললৈ অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে।
