ৰসগোল্লা নহয়, ৰসগোল্লা ৰূপত খালে বিস্ফোৰক; কামোৰ মাৰোঁতেই ঘটিল বিস্ফোৰণ! চিকিৎসাধীন অৱস্থাত মৃত্যু ব্যক্তিৰ

মিঠাই বুলি ভাবি মুখত দিছিল গোলাকাৰ বস্তুটো। কিন্তু দাঁতেৰে কামোৰ মাৰোঁতেই প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে। এই ভয়ংকৰ ঘটনাত মৃত্যু হয় এজন ব্যক্তিৰ। মধ্যপ্ৰদেশৰ ডিণ্ডোৰী জিলাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। মৃত ব্যক্তিজনৰ নাম ৰাজেন্দ্ৰ বৰোটিয়া (৩৫)। ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ডিণ্ডোৰী জিলাৰ ছান্তা গাঁৱৰ বাসিন্দা ৰাজেন্দ্ৰ বৰোটিয়াই মঙলবাৰে নিশা পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘৰৰ চোতালত বহি আছিল। নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সকলোৱে চোতালতে জুই পুৱাই আছিল। সেই সময়তে তাত উপস্থিত হয় ৰাজেন্দ্ৰৰ চিনাকি গাঁৱৰে ৰামভগত বৰোটিয়া। দুয়োৰে মাজত কথা-বতৰা চলি থকাৰ সময়তে ৰামভগতে ৰাজেন্দ্ৰৰ হাতত এটা গোলাকাৰ বস্তু তুলি দিয়ে।

অভিযোগ অনুসৰি, ৰামভগতে ৰাজেন্দ্ৰক উদ্দেশ্যি কয়, ‘এইয়া লোৱা, ৰসগোল্লা খোৱা।’ আন্ধাৰৰ বাবে বস্তুটো মিঠাই বুলি ভাবি ৰাজেন্দ্ৰই মুখত দিয়ে। কিন্তু দাঁতেৰে কামোৰ মাৰোঁতেই বিকট শব্দৰে বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ ফলত ৰাজেন্দ্ৰৰ মুখমণ্ডল আৰু হনুৰ হাড় গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। লগে লগে তেওঁক ডিণ্ডোৰী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে কেইঘণ্টামানৰ পিছত তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ তথ্য অনুসৰি, ৰাজেন্দ্ৰৰ হাতত দিয়া বস্তুটো প্ৰকৃততে আছিল ‘পিগ কিলাৰ বোমা’। স্থানীয় কিছুমান অঞ্চলত বনৰীয়া গাহৰি চিকাৰৰ বাবে এনে বিস্ফোৰক ব্যৱহাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

দেখিবলৈ গোলাকাৰ আৰু মিঠাইৰ দৰে হোৱা বাবে আন্ধাৰত এনে বিস্ফোৰকক ৰসগোল্লা বুলি ভুল কৰাৰ সম্ভাৱনা থাকে। অৱশ্যে এই ধৰণৰ বিস্ফোৰক অতি বিপজ্জনক আৰু ইয়াৰ বিস্ফোৰণে ভয়াৱহ পৰিণতি মাতি আনিব পাৰে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...