শীতৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা! প্ৰতিবাদৰ পাছতে লাডাখত গৃহবন্দী পৰিৱেশকৰ্মী ছোনম ৱাংচুক! গৃহবন্দী কৰাৰ অভিযোগেৰে অমিত শ্বাহলৈ পত্ৰ ছোনমৰ

লাডাখৰ পৰিৱেশকৰ্মী তথা লাডাখ এপেক্স বডী (Leh Apex Body বা LAB)-ৰ নেতা ছোনম ৱাংচুকে তেওঁক গৃহবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ ঘৰৰ চাৰিওফালে বৃহৎ সংখ্যক সশস্ত্ৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলিও দাবী কৰিছে ছোনমে।

শুকুৰবাৰে সামাজিক মাধ্যমত এটা পোষ্টযোগে ছোনম ৱাংচুকে জানিবলৈ দিয়ে যে, তেওঁক ঘৰৰ বাহিৰলৈ ওলোৱাত কাৰ্যতঃ বাধা প্ৰদান কৰা হৈছে। তেওঁৰ অভিযোগ অনুসৰি, শুকুৰবাৰে ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰোঁতেই কেইবাজনো আৰক্ষী কৰ্মীয়ে তেওঁক বাধা দিয়ে। আৰক্ষীয়ে নিৰাপত্তাৰ স্বাৰ্থত তেওঁক বৰ্তমান ঘৰৰ ভিতৰতে থকাৰ পৰামৰ্শ দিয়া বুলি জনায়।

ছোনমে অভিযোগ কৰে যে তেওঁৰ বাসগৃহৰ চাৰিওফালে বৃহৎ সংখ্যক সশস্ত্ৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। চৰকাৰৰ যুক্তি অনুসৰি, তেওঁৰ নিৰাপত্তাৰ স্বাৰ্থতে তেওঁক ঘৰত থকাৰ পৰামৰ্শ দিয়া হৈছে। এই পৰিস্থিতিকেই গৃহবন্দী কৰি ৰখা বুলি অভিহিত কৰিছে ছোনম ৱাংচুকে।

তেওঁৰ মতে, ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত লাডাখত সংঘটিত হিংসাত্মক ঘটনাত চাৰিগৰাকী স্থানীয় লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰাত পলম হোৱাৰ কাৰণ আৰু প্ৰচণ্ড শীতৰ মাজতে লাডাখৰ জনসাধাৰণৰ ওপৰত খৰখেদাকৈ নিৰ্বাচন জাপি দিয়াৰ প্ৰচেষ্টাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, অহা ৮ ডিচেম্বৰত লাডাখৰ হিল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছে। কিন্তু সেই সময়ছোৱাত লাডাখত প্ৰচণ্ড শীত পৰে। এনে প্ৰতিকূল বতৰত ভোটকেন্দ্ৰলৈ গৈ ভোটদান কৰাটো স্থানীয় বাসিন্দাসকলৰ বাবে যথেষ্ট অসুবিধাজনক হ’ব বুলি দাবী কৰিছে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনে। সেয়েহে শীতকালৰ অন্তত বতৰ কিছু উষ্ণ হ’লে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে সংগঠনসমূহে।

এই দাবীৰ সমৰ্থনত ইতিমধ্যে লাডাখৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। যোৱা ৮ নৱেম্বৰত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কাৰ্গিলত সম্পূৰ্ণ বন্ধ পালন কৰা হৈছিল। আনহাতে, যোৱা বৃহস্পতিবাৰেও লাডাখৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছোনম ৱাংচুকৰ নেতৃত্বত লাডাখ এপেক্স বডীয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অৱশ্যে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে ছোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা তেওঁৰ বাসগৃহলৈ লৈ যায়। ছোনমৰ অভিযোগ, তাৰ পিছৰে পৰা তেওঁক ঘৰৰ বাহিৰলৈ ওলাই যাবলৈ দিয়া হোৱা নাই।

ইফালে, আৰক্ষীৰ ফালৰ পৰা জনোৱা অনুসৰি, লেহৰ জিলা দণ্ডাধীশ আৰু লাডাখৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ স্বাৰ্থত ছোনম ৱাংচুকক ঘৰত থকাৰ পৰামৰ্শ দিয়া হৈছে।

এই সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনা, মুখ্য সচিব আশীষ কুন্দ্ৰা আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকললৈ পত্ৰ প্ৰেৰণ কৰিছে ছোনম ৱাংচুকে।

লাডাখৰ নিৰ্বাচন, প্ৰতিবাদ আৰু ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰৰ ঘটনাৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন প্ৰকাশক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে ছোনম ৱাংচুকৰ এই নতুন অভিযোগে অঞ্চলটোৰ পৰিস্থিতিক পুনৰ চৰ্চালৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...