কাজিৰঙাৰ ৰঙাজানত শুকুৰবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পেলাইছে। এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ২৬গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত আহত কেইবাগৰাকী লোক বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত চিকিৎসাধীন হৈ আছে। আহতসকলৰ ভিতৰত কেইবাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰায় ৪০গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনৰ নম্বৰ AS02 AC6690। আনহাতে, কণ্টেইনাৰখনৰ নম্বৰ KA01 AT0977। ট্ৰেভেলাৰখন বোকাখাতৰ পৰা নগাঁও অভিমুখে গৈ থকাৰ বিপৰীতে কণ্টেইনাৰখন তেজপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল। প্ৰাথমিক তথ্য অনুসৰি, ট্ৰেভেলাৰখনে ভুল দিশেৰে আহি কণ্টেইনাৰখনত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাক লৈ পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। ২৬ আসনযুক্ত ট্ৰেভেলাৰখনত ৪০গৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বেও তীব্ৰবেগেৰে গাড়ী চলোৱাৰ বাবে কেইবাবাৰো জৰিমনা বিহাৰ তথ্য প্ৰকাশ পাইছে। কণ্টেইনাৰখনত সংলগ্ন কেমেৰাত দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বন্দী হোৱা বুলিও জানিব পৰা গৈছে।
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত কেইবাগৰাকী লোকৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে।
- কঁহৰা আমগুৰিৰ জ্যোতি মাঝি আৰু দৰ্পণা মাঝি।
- পূৰ্ণিমা গোৱালা আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ অনুৰাগ গোৱালা।
- কাজিৰঙাৰ ২০ বছৰীয়া লখিমী মাঝি।
- কাজিৰঙাৰ সুজাতা তাঁতী।
- ৰঙাজানৰ বিহৰা চাহ বাগিচাৰ জয়ন্তী ৰবিদাস।
- কুঠৰীৰ ৰছিদ আলী।
- ৰঙাজানৰ গোলাপী বেগম।
- ধিং ধূপগুৰি গাঁৱৰ ৩৮ বছৰীয়া মহম্মদ আলী।
- বোকাখাতৰ সুশীল ভূমিজ।
- ফাইজুল ইছলাম।
- শোণিতপুৰৰ ৰঙাপৰা নাহৰণিৰ দীপক গুৰুং।
- দামিনী ঘাটোৱাল।
- বেবী কৰ্মকাৰ।
- বোকাখাতৰ CNB কলেজৰ ছাত্ৰী দীপাঞ্জলি ৰংফাৰ্পি।
- ২১ বছৰীয়া ফাৰহানা য়াছমিন।
- বাগৰি হাৰমতিৰ ৰছিদ আলী।
- নগাঁৱৰ ৰঞ্জিতা কাটোৱাৰ।
- ট্ৰেভেলাৰখনৰ চালক আব্দুল মুজিদ।
- ট্ৰেভেলাৰখনৰ কৰ্মচাৰী সুভাষ দাস।
ইয়াৰ উপৰি আন কেইবাগৰাকী লোকৰ পৰিচয় উদ্ধাৰৰ প্ৰক্ৰিয়া অব্যাহত আছে।
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গোলাঘাটৰ উল্টাজানৰ ৰঞ্জিতা কাটোৱাৰৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। অভিশপ্ত ট্ৰেভেলাৰখনতে নগাঁৱত থকা পিতৃ-মাতৃৰ ঘৰলৈ গৈ আছিল মহিলাগৰাকী। আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।
আনহাতে, কৰ্মসূত্ৰে গোলাঘাটত থকা ধিঙৰ ধূপগুৰি গাঁৱৰ মহম্মদ আলী ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাটোৰ বলি হয়। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ ধূপগুৰি অঞ্চলতে শোকৰ ছাঁ পেলাইছে।
দুৰ্ঘটনাত নিহত বোকাখাতৰ CNB কলেজৰ ছাত্ৰী দীপাঞ্জলি ৰংফাৰ্পিৰ নশ্বৰ দেহত মহাবিদ্যালয়খনত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি কেইবাগৰাকী নিহতৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে।
এই ভয়ংকৰ দুৰ্ঘটনাত ডেৰ বছৰীয়া এটি শিশুও গুৰুতৰভাৱে আহত হৈছে। শিশুটিক বোকাখাত মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। কিন্তু বাতৰি লিখা পৰলৈকে শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
আনহাতে, কণ্টেইনাৰখনৰ চালকজনো দুৰ্ঘটনাত আহত হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে যদিও তেওঁৰ পৰিচয় সন্দৰ্ভত স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।
আহতসকলৰ উন্নত চিকিৎসাৰ বাবে JMCHত উপস্থিত হৈছে পাঁচজনীয়া বিশেষজ্ঞ চিকিৎসকৰ এটা দল। চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ ওপৰত চিকিৎসকে বিশেষ নজৰ ৰাখিছে।
কাজিৰঙাৰ এই শোকাৱহ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।
দুৰ্ঘটনাটোক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকী আজি দুৰ্ঘটনাস্থলীলৈ যোৱাৰ কথা। দুৰ্ঘটনাৰ কাৰণ আৰু ট্ৰেভেলাৰখনৰ অত্যধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগকে ধৰি বিভিন্ন দিশ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে।
কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি শ্ৰদ্ধা জনাই নগাঁও ট্ৰেভেলাৰ ইউনিয়নে দিনটোৰ বাবে জিলাখনত ট্ৰেভেলাৰ চলাচল বন্ধ ঘোষণা কৰিছে।
আনহাতে, দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বোকাখাতৰ ব্যৱসায়ী সমাজ আৰু স্থানীয় দল-সংগঠনৰ উদ্যোগত পুৱা ১১ বজালৈকে সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে কাঢ়ি নিলে ২৬টাকৈ জীৱন। বহু পৰিয়ালৰ মূৰৰ ওপৰৰ চালখন আঁতৰাই নিয়া এই শোকাৱহ ঘটনাই পুনৰ এবাৰ পথ সুৰক্ষা, অত্যধিক যাত্ৰী পৰিবহণ আৰু যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বিষয়টোক চৰ্চালৈ আনিছে।
