আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। চহৰখনৰ ব্যস্ত ল’গান চাৰ্কল (Logan Circle) অঞ্চলত হোৱা এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে কমেও চাৰিজন লোক আহত হৈছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাস্থলীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে সন্দেহযুক্ত আক্ৰমণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে পুৱা ৱাশ্বিংটন ডিচিৰ ১৫নং ষ্ট্ৰীট আৰু পি ষ্ট্ৰীটৰ উত্তৰ-পশ্চিম দিশৰ সংযোগস্থলীৰ সমীপত এই ঘটনা সংঘটিত হয়। অঞ্চলটো হোৱাইট হাউছৰ পৰা প্ৰায় এক মাইল দূৰত অৱস্থিত। আৰক্ষীয়ে প্ৰথম অৱস্থাত একাধিক লোক গুলীবিদ্ধ হোৱা বুলি নিশ্চিত কৰিছিল। পৰৱৰ্তী সময়ত প্ৰকাশিত তথ্য অনুসৰি, এই ঘটনাত এজনৰ মৃত্যু হৈছে আৰু আন চাৰিজন আহত হৈছে।
অট্টালিকাৰ ওপৰৰ মহলাত আত্মগোপন আক্ৰমণকাৰীৰ!
এনবিচি ৱাশ্বিংটনৰ প্ৰতিবেদন অনুসৰি, সন্দেহযুক্ত আক্ৰমণকাৰীজন আৰক্ষীৰ জিম্মালৈ অহা নাই। তেওঁ গুলীচালনাৰ স্থানৰ সমীপৰ এটা আৱাসিক অট্টালিকাৰ ওপৰৰ মহলাত আত্মগোপন কৰি থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আক্ৰমণকাৰীজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে।
আহত চাৰিজন লোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিহত লোকজনৰ পৰিচয় বাতৰি প্ৰকাশৰ সময়লৈকে ৰাজহুৱা কৰা হোৱা নাছিল। অৱশ্যে, গুলীচালনাৰ সঠিক কাৰণ আৰু আক্ৰমণকাৰীৰ পৰিচয় সন্দৰ্ভতো আৰক্ষীয়ে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।
ঘটনাৰ পিছতে আৰক্ষীয়ে ১৫০০ ব্লক অৱ ১৫নং ষ্ট্ৰীট অঞ্চলৰ পৰা সাধাৰণ লোকক আঁতৰি থাকিবলৈ আহ্বান জনায়। অঞ্চলটোৰ কেইবাটাও পথ বন্ধ কৰি দিয়া হয় আৰু নিৰাপত্তাৰক্ষীয়ে চাৰিওফালৰ এলেকা ঘেৰি ৰাখে।
নিকটৱৰ্তী বিদ্যালয়সমূহতো সতৰ্কতা জাৰি কৰা হয়। কেইবাখনো বিদ্যালয়ত কোনো লোকৰ প্ৰৱেশ বা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰা হয়। আনহাতে, স্থানীয় বাসিন্দাসকলক ঘৰৰ ভিতৰত থাকিবলৈ আৰু নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়া হয়।
ঘটনাস্থলীত ৱাশ্বিংটন আৰক্ষীৰ লগতে এফবিআই, এটিএফ আৰু আন কেইবাটাও নিৰাপত্তা সংস্থাৰ বিষয়া উপস্থিত হয়।
এতিয়ালৈকে গুলীচালনাৰ আঁৰৰ কাৰণ স্পষ্ট হোৱা নাই। আক্ৰমণকাৰীজনৰ পৰিচয়, আক্ৰমণৰ উদ্দেশ্য আৰু নিহত-আহতসকলৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক আছিল নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, হোৱাইট হাউছৰ পৰা মাত্ৰ প্ৰায় এক মাইল দূৰত অৱস্থিত ল’গান চাৰ্কল অঞ্চলটো ৰেস্তোৰাঁ, আৱাসিক অট্টালিকা, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যায়ামাগাৰৰ বাবে পৰিচিত। এনে ব্যস্ত অঞ্চলত দিনৰ পোহৰতে সংঘটিত এই গুলীচালনাই আমেৰিকাৰ ৰাজধানীত পুনৰ নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।
