পুনৰ Nvidiaৰ CEO জেনছেন হুৱাঙৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ সৈতে নাম সাঙুৰ খোৱা কোন এই কিম্বাৰ্লি পাৱেল? কিম্বাৰ্লি পাৱেলক লৈ বিশ্বজুৰি চৰ্চা

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) জেনছেন হুৱাঙক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। চীনৰ ব্যৱসায়ী মহিলা এলিছ হুৱাঙৰ সৈতে বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ অভিযোগৰ পিছত এইবাৰ কোম্পানীটোৰ উপ-সভাপতি কিম্বাৰ্লি পাৱেলৰ সৈতেও তেওঁৰ আন এক সম্পৰ্ক থকাৰ দাবী কৰিছে The New York Times এক প্ৰতিবেদনত।

প্ৰতিবেদন অনুসৰি, ৪৮ বছৰীয়া কিম্বাৰ্লি পাৱেল এনভিডিয়াৰ স্বাস্থ্যসেৱা বিভাগৰ উপ-সভাপতি আৰু তেওঁ জেনছেন হুৱাঙৰ অধীনত পোনপটীয়াকৈ কাম কৰে। ২০০৮ চনত এনভিডিয়াত যোগদান কৰা পাৱেলে বৰ্তমান কোম্পানীটোৰ বিশ্বব্যাপী স্বাস্থ্যসেৱা ব্যৱসায়ৰ দায়িত্ব চম্ভালি আছে।

তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণিতে চিকিৎসা ইমেজিং প্ৰযুক্তিৰ ক্ষেত্ৰত NVIDIA GPUৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ দায়িত্ব আছিল। ২০১৬ চনত ছিনিয়ৰ ডাইৰেক্টৰ আৰু ২০১৭ চনত স্বাস্থ্যসেৱা বিভাগৰ উপ-সভাপতি হিচাপে পদোন্নতি লাভ কৰিছিল।

The New York Timesৰ প্ৰতিবেদনত দাবী কৰা অনুসৰি, যোৱা মাৰ্চ মাহত ছান জ’ছেত অনুষ্ঠিত এনভিডিয়াৰ বাৰ্ষিক GTC সন্মিলনৰ সময়ত জেনছেন হুৱাং আৰু কিম্বাৰ্লি পাৱেলক এখন হোটেলত ঘনিষ্ঠ অৱস্থাত দেখা গৈছিল। এজন ব্যক্তিয়ে সেই মুহূৰ্ত কেমেৰাত বন্দী কৰাৰ পিছত হুৱাঙৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক আটক কৰি গোপনীয়তা ৰক্ষাৰ চুক্তিত স্বাক্ষৰ কৰোৱাইছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অৱশ্যে, এই অভিযোগসমূহৰ কোনো স্বতন্ত্ৰ নিশ্চিতি প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে, কিম্বাৰ্লি পাৱেল আৰু জেনছেন হুৱাং দুয়োগৰাকীয়েই বিবাহিত।

ইয়াৰ পূৰ্বে ছিংগাপুৰস্থিত ডাটা চেণ্টাৰ প্ৰতিষ্ঠান Megaspeed-ৰ জ্যেষ্ঠ বিষয়া এলিছ হুৱাঙৰ সৈতেও জেনছেন হুৱাঙৰ সম্পৰ্কৰ অভিযোগ পোহৰলৈ আহিছিল। The Wall Street Journal_ৰ প্ৰতিবেদন অনুসৰি, ২০২৪ আৰু ২০২৫ চনত টাইপেইত দুয়োকে একেলগে দেখা গৈছিল।

আনহাতে, এলিছ হুৱাং চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত বুলি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই সন্দেহ প্ৰকাশ কৰা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। এই অভিযোগৰ মাজতে জেনছেন হুৱাঙে এনভিডিয়াৰ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা বাৰ্তাত নিজৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল।

এই বিতৰ্কৰ মাজতে এনভিডিয়াৰ পৰিচালনা ব’ৰ্ডে জেনছেন হুৱাঙৰ CEO পদত থকাৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা থকা বুলি The Wall Street Journalৰ আন এক প্ৰতিবেদনত দাবী কৰা হৈছে।

ইফালে, বিনিয়োগকাৰীসকলক সম্পৰ্কটোৰ বিষয়ে প্ৰয়োজনীয় তথ্য প্ৰকাশ নকৰাৰ অভিযোগত এনভিডিয়া আৰু জেনছেন হুৱাঙৰ বিৰুদ্ধে একাংশ শ্বেয়াৰহোল্ডাৰে সামূহিক গোচৰ (Class Action Lawsuit) ৰুজু কৰিছে। বিতৰ্কৰ পৰিপ্ৰেক্ষিতত শেহতীয়া দিনকেইটাত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যতো পতন হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

উল্লেখ্য যে, এনভিডিয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু উন্নত কম্পিউটিং প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান। কোম্পানীটোৱে মূলতঃ Graphics Processing Units (GPU) নিৰ্মাণ কৰে, যিবোৰ বৰ্তমান AI প্ৰযুক্তিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...