২০০ বছৰ পুৰণি কোৰাণৰ আয়াত খোদিত হীৰা পিন্ধি বিতৰ্কত কৰীনা কাপুৰ! অভিনেত্ৰীগৰাকীলৈ আইনী জাননী, বিচাৰিলে ৰাজহুৱা ক্ষমা

বলিউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। দীপাৱলীৰ ফটোত ২০০ বছৰ পুৰণি ৰাজকীয় অলংকাৰ পৰিধান কৰাৰ বাবে অভিনেত্ৰীগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা আব্বাছ হাফিজে। অলংকাৰটিত পৱিত্ৰ কোৰাণৰ ‘আয়াতুল কুৰছি’ খোদিত হৈ থকাৰ বাবেই এই আপত্তি উত্থাপন কৰা হৈছে। কৰীনা কাপুৰৰ লগতে তেওঁৰ ষ্টাইলিষ্ট ৰিয়া কাপুৰলৈও জাননী প্ৰেৰণ কৰা হৈছে।

দীপাৱলীৰ সময়ত কৰীনা কাপুৰে সামাজিক মাধ্যমত নিজৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। ফটোসমূহত তেওঁক ৰূপৰ পোছাক, মূৰত পাগুৰি আৰু এবিধ বিশেষ পুৰণি ৰাজকীয় অলংকাৰ পৰিধান কৰা দেখা গৈছিল।

কৰীনাৰ এই সাজ-সজ্জাৰ বিষয়ে তেওঁৰ ষ্টাইলিষ্ট ৰিয়া কাপুৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা এই অলংকাৰবিধ প্ৰায় ২০০ বছৰ পুৰণি। ভূপালৰ নৱাব আৰু বেগমৰ ৰাজপৰিয়ালৰ সৈতে সম্পৰ্কিত এই অলংকাৰত ৩০ কেৰেটৰ এটা পান্না খোদিত কৰা আছে। সেই পান্নাটোত কোৰাণৰ ‘আয়াতুল কুৰছি’ খোদিত হৈ আছে।

এই ফটোসমূহ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অলংকাৰত থকা ধৰ্মীয় আয়াতৰ ব্যৱহাৰক লৈ আপত্তি উত্থাপন কৰে আব্বাছ হাফিজে।

আব্বাছ হাফিজৰ মতে, কোৰাণৰ আয়াত অতি পৱিত্ৰ আৰু ইয়াৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয়। তেওঁৰ আপত্তি কৰীনা কাপুৰে কি পোছাক পৰিধান কৰিছে বা কোনটো অলংকাৰ পিন্ধিছে, সেই বিষয়ত নহয়। বৰং ধৰ্মীয় আয়াত খোদিত অলংকাৰবিধ যিধৰণে ফেশ্বন বা সাজ-সজ্জাৰ অংশ হিচাপে সামাজিক মাধ্যমত উপস্থাপন কৰা হৈছে, সেই বিষয়তহে তেওঁৰ আপত্তি।

আইনী জাননীখনত কৰীনা আৰু ৰিয়া কাপুৰক সামাজিক মাধ্যমৰ পৰা সংশ্লিষ্ট ফটো আৰু ভিডিঅ’ আঁতৰাবলৈ, ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আৰু ভৱিষ্যতে ধৰ্মীয় আয়াতৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ আশ্বাস দিবলৈ দাবী জনোৱা হৈছে।

হাফিজে লগতে স্পষ্ট কৰিছে যে এই পদক্ষেপ তেওঁ ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে। ইয়াৰ সৈতে কংগ্ৰেছ দলৰ কোনো আনুষ্ঠানিক স্থিতি বা সম্পৰ্ক নাই বুলিও তেওঁ উল্লেখ কৰিছে।

কৰীনা কাপুৰৰ স্বামী ছেইফ আলী খানৰ পৰিয়ালৰ সৈতে এই ঐতিহাসিক অলংকাৰবিধৰ সম্পৰ্ক আছে। ছেইফৰ আইতাক ছাজিদা চুলতান আছিল ভূপালৰ অন্তিম শাসক নৱাব হামিদুল্লাহ খানৰ কন্যা। তেওঁ ইফতিকাৰ আলী খান পাটৌদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ পুত্ৰ আছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়ক মনছুৰ আলী খান পাটৌদী, যিগৰাকী ছেইফ আলী খানৰ পিতৃ।

ৰিয়া কাপুৰে প্ৰকাশ কৰা অনুসৰি, এই অলংকাৰসমূহ ভূপালৰ ৰাজপৰিয়ালৰ ঐতিহ্যবাহী সম্পদ আৰু ছেইফৰ পৰিয়ালৰ জৰিয়তে কৰীনা কাপুৰৰ হাতলৈ আহিছে।

ইপিনে, এই বিতৰ্কৰ মাজতে কৰীনা কাপুৰৰ কাষত থিয় দিছে ভূপালৰ হিন্দু উৎসৱ সমিতিয়ে। সংগঠনটোৰ সভাপতি চন্দ্ৰশেখৰ তিৱাৰীয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষমা বিচৰাৰ দাবীৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে, ধৰ্মীয় আয়াত খোদিত অলংকাৰ ডিঙিত পৰিধান কৰাটো নিজেই অসন্মানজনক নহয়। সেয়েহে কৰীনা কাপুৰে কাৰো ওচৰত ক্ষমা বিচৰাৰ প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰিছে।

ইতিমধ্যে এই বিষয়টোক লৈ সামাজিক মাধ্যমতো বিভিন্ন মত প্ৰকাশ পাইছে। অৱশ্যে, এই আইনী জাননী সন্দৰ্ভত কৰীনা কাপুৰ বা ৰিয়া কাপুৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...