কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, ১০.৬১ লাখৰো অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত

কামৰূপ মহানগৰ জিলাৰ খচৰা ফটো ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত গুৱাহাটীৰ ৰূপনগৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জিলা আয়ুক্ত স্বপ্নীল পালে।

বিশেষ সংক্ষিপ্ত সংশোধন (Special Summary Revision) প্ৰক্ৰিয়াৰ অধীনত ১ জানুৱাৰী, ২০২৭ক যোগ্যতাৰ ভিত্তি তাৰিখ হিচাপে লৈ এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি, নামৰ সংশোধন আৰু আপত্তি দাখিলৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে।

প্ৰকাশিত খচৰা তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত মুঠ ১০,৬১,৩৫২ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ৫,১০,৩৭০ গৰাকী পুৰুষ, ৫,৫০,৯৫০ গৰাকী মহিলা আৰু ৩২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১,২১৮টা।

জিলা আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি, অহা ১১ ডিচেম্বৰলৈকে ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি (Claims and Objections) দাখিল কৰিব পাৰিব। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ বাবে চাৰিদিনীয়া বিশেষ শিবিৰৰো ব্যৱস্থা কৰা হ’ব। আনহাতে, অহা ৪ জানুৱাৰীত চূড়ান্ত ফটো ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

ইফালে, নিৰ্বাচন আয়োগে যধে-মধে ভোটাৰৰ বিৰুদ্ধে অভিযোগ দাখিলৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। এতিয়াৰে পৰা প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত সৰ্বাধিক ১০খন আবেদনৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। আবেদনকাৰীসকল সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বাসিন্দা হোৱাটোও বাধ্যতামূলক।

ভোটাৰসকলে ভোটাৰ সেৱা পৰ্টেলৰ জৰিয়তেও অনলাইনযোগে আবেদন কৰিব পাৰিব।

ভোটাৰ তালিকাৰ শুদ্ধতা, স্বচ্ছতা আৰু নিৰ্ভুলতা নিশ্চিত কৰাৰ লক্ষ্যৰে এই বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে জিলা আয়ুক্ত স্বপ্নীল পালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...