ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ নৱী মুম্বাইৰ, ইন্দোৰৰ ৮ বছৰৰ অভিলেখ ভংগ

ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ দখল কৰিছে নৱী মুম্বাইয়ে। ইয়াৰ লগে লগে বিগত একেৰাহে ৮ বছৰ ধৰি শীৰ্ষস্থান দখল কৰি অহা মধ্যপ্ৰদেশৰ ইন্দোৰৰ আধিপত্যৰ অন্ত পৰিল। শেহতীয়া স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ৰ ৰেংকিঙত নৱী মুম্বাইয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে গুজৰাটৰ চুৰাটে দ্বিতীয় আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াই তৃতীয় স্থান দখল কৰিছে।

আনহাতে, মধ্যপ্ৰদেশৰ ৰেৱাক আটাইতকৈ পৰিষ্কাৰ নদীপৰীয়া চহৰ হিচাপে ঘোষণা কৰা হৈছে। হিমালয় অঞ্চলৰ চহৰসমূহৰ ভিতৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰে লাভ কৰিছে প্ৰথম স্থান।

১০ লাখতকৈ অধিক জনসংখ্যা থকা চহৰসমূহৰ শ্ৰেণীত গ্ৰেটাৰ বিশাখাপট্টনমে শীৰ্ষস্থান দখল কৰিছে। আনহাতে, ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰসমূহৰ ভিতৰত উজ্জয়িনে প্ৰথম স্থান লাভ কৰিছে।

উল্লেখ্য যে, বিগত একেৰাহে আঠ বছৰ ধৰি দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ লাভ কৰি অহা ইন্দোৰক এইবাৰ পৃথক শ্ৰেণীত স্থান দিয়া হৈছে। নতুনকৈ আৰম্ভ কৰা ‘স্বচ্ছ চহৰ যোৰী’ (Swachh Shehar Jodi) পদক্ষেপৰ অধীনত ইন্দোৰে সহযোগী চহৰ দেপালপুৰৰ সৈতে মেণ্টৰ চিটি শ্ৰেণীত দ্বিতীয় স্থান লাভ কৰিছে।

এই শ্ৰেণীত আহমেদাবাদে সহযোগী চহৰ ছানন্দৰ সৈতে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে তিৰুপতিয়ে সহযোগী চহৰ কুপ্পামৰ সৈতে তৃতীয় স্থান দখল কৰিছে।

এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজয়ী চহৰসমূহক বঁটা প্ৰদান কৰে। এইবাৰৰ সৰ্বেক্ষণত দেশৰ ৪,৭০০ৰো অধিক নগৰীয়া স্থানীয় নিকায়ে অংশগ্ৰহণ কৰিছিল।

নদীপৰীয়া চহৰৰ শ্ৰেণীত মধ্যপ্ৰদেশৰ ৰেৱাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ছত্তীশগড়ৰ বিলাসপুৰে দ্বিতীয় আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীয়ে তৃতীয় স্থান লাভ কৰে।

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, স্বচ্ছ উপকূলীয় চহৰৰ শ্ৰেণীত ওড়িশাৰ পুৰীয়ে প্ৰথম স্থান লাভ কৰিছে। কেৰালাৰ আলাপ্পুঝাই দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিয়ে তৃতীয় স্থান দখল কৰিছে।

একেদৰে, হিমালয় অঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰে প্ৰথম স্থান লাভ কৰিছে। জম্মুৱে দ্বিতীয় আৰু শ্বোপিয়ানে তৃতীয় স্থান দখল কৰিছে।

এইবাৰৰ স্বচ্ছ সৰ্বেক্ষণৰ বিষয়বস্তু আছিল ‘স্বচ্ছতাৰ নতুন পদক্ষেপ- আগবাঢ়ক, হাতে হাত ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক’।

মন্ত্ৰালয়ে জনোৱা অনুসৰি, দেশজুৰি ৩,০০০ৰো অধিক প্ৰশিক্ষিত মূল্যায়নকাৰীয়ে বিস্তৃত ক্ষেত্ৰভিত্তিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰে। এই প্ৰক্ৰিয়াত বাস্তৱ সময়ৰ GPS-ভিত্তিক নিৰীক্ষণ ব্যৱস্থাও ব্যৱহাৰ কৰা হৈছিল।

তথ্য-প্ৰমাণ দাখিলৰ পৰা আৰম্ভ কৰি সেইসমূহৰ সত্যতা পৰীক্ষা কৰালৈকে সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াটো ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হয়। মন্ত্ৰালয়ৰ মতে, এই প্ৰক্ৰিয়া স্বচ্ছ আৰু প্ৰতিটো পৰ্যায়তে কঠোৰ গুণগত মান পৰীক্ষাৰ অধীনত আছিল।

৫০ হাজাৰৰ পৰা ৩ লাখ জনসংখ্যাৰ চহৰসমূহৰ শ্ৰেণীত মধ্যপ্ৰদেশৰ দেৱাছে প্ৰথম আৰু সাগৰে তৃতীয় স্থান লাভ কৰে। নতুন দিল্লী পৌৰ পৰিষদে দ্বিতীয় স্থান দখল কৰে।

আনহাতে, ২০ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ চহৰসমূহৰ ভিতৰত মহাৰাষ্ট্ৰৰ ভিটাই প্ৰথম স্থান লাভ কৰে। ওড়িশাৰ আছকা আৰু গোৱাৰ পানাজীয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে যে, ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণৰ তুলনাত মেণ্টৰ চহৰসমূহৰ সহযোগী চহৰসমূহৰ স্বচ্ছতা সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে।

দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এই চহৰসমূহৰ প্ৰদৰ্শন পূৰ্বৰ ৪৮ শতাংশৰ পৰা বৃদ্ধি পাই ৭০ শতাংশ হৈছে।

ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ ৫২ শতাংশৰ পৰা উন্নীত হৈ ৭৪ শতাংশ হৈছে। একেদৰে, উৎসতে আৱৰ্জনা পৃথকীকৰণৰ ক্ষেত্ৰত ১৬ৰ পৰা ৩০ শতাংশ, অনাময় ব্যৱস্থাৰ সুবিধাৰ ক্ষেত্ৰত ১১ৰ পৰা ৩৮ শতাংশ, ব্যৱহৃত পানীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৩২ৰ পৰা ৫৩ শতাংশ আৰু স্বচ্ছতা সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৪৮ৰ পৰা ৬৬ শতাংশলৈ উন্নতি হৈছে।

মন্ত্ৰালয়ৰ মতে, স্বচ্ছতা অভিযানত আগশাৰীৰ চহৰসমূহৰ পৰা লাভ কৰা পৰামৰ্শ আৰু সহযোগিতাৰ ফলত সহযোগী চহৰসমূহৰ অনাময় ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে নাগৰিকসকলক প্ৰদান কৰা সেৱাৰ মানো উন্নত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...