অসমৰ ঔদ্যোগিক বিকাশত নতুন পদক্ষেপ, উন্নতি (UNNATI) ২০২৬ৰ অধীনত ৫০০ কোটি টকাৰ ৰাজসাহায্য আঁচনি

অসমৰ উদ্যোগ আৰু উৎপাদন খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। UNNATI ২০২৬ আঁচনিৰ অধীনত যোগ্য উৎপাদনকাৰী উদ্যোগসমূহৰ বাবে ‘অসম ৰাজ্যিক মূলধনী বিনিয়োগ ৰাজসাহায্য আঁচনি, ২০২৬’ৰ অনলাইন আবেদন ব্যৱস্থা মুকলি কৰা হৈছে।

জনতা ভৱনত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে এই আবেদন মডিউলৰ শুভাৰম্ভ কৰে।

এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে পাঁচ বছৰৰ বাবে মুঠ ৫০০ কোটি টকাৰ বিশেষ পুঁজি নিৰ্ধাৰণ কৰিছে। আঁচনিখনৰ অধীনত Zone-A জিলাসমূহত যোগ্য Plant and Machinery বিনিয়োগৰ ৩০ শতাংশ, সৰ্বাধিক ৫ কোটি টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হ’ব। আনহাতে, Zone-B জিলাসমূহত ৫০ শতাংশ, সৰ্বাধিক ৭.৫০ কোটি টকা পৰ্যন্ত ৰাজসাহায্য লাভ কৰিব উদ্যোগসমূহে।

নতুনকৈ স্থাপন কৰা উৎপাদনকাৰী উদ্যোগৰ লগতে নিৰ্ধাৰিত চৰ্ত পূৰণ কৰা সম্প্ৰসাৰিত উদ্যোগসমূহেও এই সুবিধাৰ বাবে আবেদন কৰিব পাৰিব। অনুমোদিত ৰাজসাহায্যৰ ধন পাঁচটা সমান বাৰ্ষিক কিস্তিত প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগিক বিনিয়োগ বৃদ্ধি, নতুন উদ্যোগ স্থাপন আৰু উৎপাদন খণ্ডৰ বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে UNNATI ২০২৬ আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় আঁচনিৰ ৰাজসাহায্য লাভৰ ব্যৱস্থা আগতীয়াকৈ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে নিজা পুঁজিৰে এই বিশেষ আঁচনি গ্ৰহণ কৰিছে।

এই পদক্ষেপৰ জৰিয়তে ৰাজ্যত নতুন বিনিয়োগ আকৰ্ষণ, উদ্যোগশীলতাৰ বিকাশ, স্থানীয় সম্পদৰ মূল্য সংযোজন আৰু যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে, Advantage Assam 2.0 বিনিয়োগ সন্মিলনত অসমে প্ৰায় ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল। ইয়াৰে প্ৰায় ৩.১০ লাখ কোটি টকাৰ বিনিয়োগৰ সৈতে জড়িত প্ৰকল্পসমূহ ৰূপায়ণৰ উন্নত পৰ্যায়ত উপনীত হোৱা বুলি প্ৰকাশ কৰা হৈছে।

ৰাজ্য চৰকাৰৰ মতে, এই আঁচনিৰ জৰিয়তে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ ঔদ্যোগিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অধিক ত্বৰান্বিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...