পাৰস্য উপসাগৰত কালি প্ৰজেক্টাইলৰ আক্ৰমণৰ সন্মুখীন হোৱা লাইবেৰিয়াৰ পতাকাবাহী তেল পৰিবাহী জাহাজ MT FUJAIRAH ENERGY-ত থকা ৬গৰাকী ভাৰতীয় নাবিক সুৰক্ষিত অৱস্থাত আছে। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, আল ৰুৱাইছৰ পৰা ডুবাই অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে জাহাজখনত প্ৰজেক্টাইলৰ সন্মুখীন হয়। এই ঘটনাত জাহাজখনৰ মুঠ চাৰিগৰাকী কৰ্মচাৰী আহত হয়। আহতসকলৰ ভিতৰত এগৰাকী ভাৰতীয় নাগৰিকো আছে।
আনহাতে, জাহাজখনত থকা বাকী ১৮গৰাকী কৰ্মচাৰীও সুৰক্ষিত বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ভাৰত চৰকাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। লগতে জাহাজ পৰিচালনা কৰা প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ অব্যাহত ৰাখি ভাৰতীয় নাবিকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনায় কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।
