ৰাজনীতিৰ উত্থান-পতনে কেৱল ৰাজনৈতিক নেতাৰ জীৱনতেই নহয়, তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিগত জীৱনতো কেনেদৰে প্ৰভাৱ পেলায়, তাৰ এক হৃদয়স্পৰ্শী ঘটনা উন্মোচন কৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। নিজৰ শেহতীয়া আত্মজীৱনী ‘Belonging: A Journey of Love’ত তেওঁ সুঁৱৰিছে ১৯৭৭ চনত পুত্ৰ ৰাহুল গান্ধীৰ সপ্তম জন্মদিনৰ এক বেদনাদায়ক স্মৃতি। সেই সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্বাচনী পৰাজয়ৰ পাছত ৰাহুলৰ জন্মদিনৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা প্ৰায় সকলো বন্ধুৱেই অহাৰ পৰা বিৰত আছিল। উপস্থিত হৈছিল কেৱল এজন বন্ধু।
ছোনিয়া গান্ধীৰ আত্মজীৱনীত উল্লেখ কৰা অনুসৰি, ১৯৭৭ চনৰ ১৯ জুনত আছিল ৰাহুল গান্ধীৰ সপ্তম জন্মদিন। সেই সময়ত গান্ধী পৰিয়ালে নতুনকৈ ১২, উইলিংডন ক্ৰেছেণ্টৰ বাসগৃহলৈ স্থানান্তৰিত হৈছিল। নতুন ঘৰত পুত্ৰৰ জন্মদিনটো আনন্দৰে উদযাপন কৰাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছিল ছোনিয়াই।
জন্মদিনৰ অনুষ্ঠানটো বৰ আড়ম্বৰপূৰ্ণ নাছিল। ঘৰতে প্ৰস্তুত কৰা কেক, কিছু জলপান, আলুৰ চিপছ আৰু সাধাৰণ সজ্জাৰে আয়োজন কৰা হৈছিল অনুষ্ঠানটো। ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধীও মাতৃক জন্মদিনৰ প্ৰস্তুতিত সহায় কৰিছিল। দুয়ো মিলি ঘৰৰ বাৰান্দাত বেলুন আঁৰি আৰু বিভিন্ন সজ্জাৰে ঠাইখন সুন্দৰ কৰি তুলিছিল।
আনকি ৰাহুল আৰু প্ৰিয়ংকাৰ আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও অনুষ্ঠানটোক আকৰ্ষণীয় কৰি তুলিবলৈ বিশেষ পৰিকল্পনা কৰিছিল। তেওঁৰ ওচৰত বংগৰ মাটিৰে নিৰ্মিত পোক-পৰুৱা, জেঠী আৰু মাখিৰ দৰে দেখাত একেবাৰে জীৱন্ত যেন লগা কিছুমান খেলনা আছিল। সেই খেলনাবোৰ জন্মদিনৰ টেবুলত বা শিশুসকলৰ খাদ্যৰ কাষত মনে মনে ৰাখি সকলোকে আচৰিত কৰাৰ পৰিকল্পনা কৰিছিল ইন্দিৰাই।
সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত ৰাহুল আৰু প্ৰিয়ংকাই আনন্দ মনেৰে অতিথিসকলৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। কিন্তু সময় পাৰ হৈ যোৱাৰ পাছতো নিমন্ত্ৰিত শিশুসকলৰ কোনো খবৰ নাহিল। অৱশেষত ৰাহুলৰ ঘনিষ্ঠ বন্ধু সিদ্ধাৰ্থ অকলে উপস্থিত হয়।
প্ৰথমে ছোনিয়া গান্ধীয়ে ভাবিছিল যে হয়তো নিমন্ত্ৰণৰ ক্ষেত্ৰত কিবা ভুল বুজাবুজি হৈছে। সেয়েহে তেওঁ এজন এজনকৈ আন শিশুৰ অভিভাৱকসকলক ফোন কৰিবলৈ আৰম্ভ কৰে। কিন্তু অভিভাৱকসকলৰ পৰা পোৱা উত্তৰ আছিল অস্পষ্ট আৰু এৰাই চলা ধৰণৰ। তেতিয়াহে ছোনিয়াই বুজি পায় যে আন কোনো শিশুৱেই জন্মদিনৰ অনুষ্ঠানলৈ নাহে।
ছোনিয়াৰ ভাষ্য অনুসৰি, ইন্দিৰা গান্ধীৰ নিৰ্বাচনী পৰাজয়ৰ পাছত পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশে সাত বছৰীয়া ৰাহুলৰ সাধাৰণ বন্ধুত্বতো প্ৰভাৱ পেলাইছিল। ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নথকা শিশুসকলৰ মাজৰ সম্পৰ্কতো ৰাজনৈতিক পৰিস্থিতিৰ ছাঁ পৰিছিল।
জন্মদিনৰ অনুষ্ঠানলৈ বন্ধুসকল নহাত কণমানি ৰাহুল যথেষ্ট মনোকষ্টত ভুগিছিল। আইতাক ইন্দিৰা গান্ধী আৰু পিতৃ-মাতৃয়ে তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ মনৰ দুখ আঁতৰাব পৰা নাছিল।
ছোনিয়া গান্ধীয়ে লিখিছে যে অৱশেষত তেওঁলোকে বিশেষ উৎসাহ নোহোৱাকৈয়ে কেক কাটিছিল। ইন্দিৰা গান্ধীয়েও নিজৰ মাটিৰ খেলনাৰ বাকচটো পুনৰ ছোনিয়াৰ হাতত তুলি দি দুখেৰে কৈছিল যে সেইবোৰ আন কোনো এটা দিনত ব্যৱহাৰ কৰিব পৰা যাব।
পিছত ৰাজীৱ গান্ধীয়ে ৰাহুলক কাষত বহুৱাই সান্ত্বনা দিছিল। তেওঁ পুত্ৰক কৈছিল যে বন্ধুসকলৰ ওপৰত খং কৰিব নালাগে। তেওঁলোকৰ অভিভাৱকসকল হয়তো গান্ধী পৰিয়ালৰ সৈতে বন্ধুত্ব কৰিবলৈ ভয় কৰিছে। কিছুমান মানুহ চৰকাৰক ভয় কৰে বুলিও ৰাজীৱে ৰাহুলক বুজাবলৈ চেষ্টা কৰিছিল।
ছোনিয়া গান্ধীৰ মতে, সেই সময়ছোৱা পৰিয়ালটোৰ শিশুসকলৰ বাবে অত্যন্ত কঠিন আছিল। ৰাজনৈতিক অস্থিৰতা, চাৰিওফালৰ উত্তেজনা আৰু ঘৰৰ ভিতৰৰ পৰিৱেশে তেওঁলোকৰ শৈশৱতো প্ৰভাৱ পেলাইছিল।
আত্মজীৱনীখনত ছোনিয়া গান্ধীয়ে আন একাধিক ঘটনাৰ কথাও উল্লেখ কৰিছে। তেওঁৰ মতে, বিদ্যালয়ত সহপাঠীসকলৰ পৰা ৰাহুল আৰু প্ৰিয়ংকাই কেতিয়াবা অপ্ৰীতিকৰ মন্তব্য শুনিবলগীয়া হৈছিল।
শিশু দুটাই ঘৰলৈ উভতি আহি মাতৃক প্ৰশ্ন কৰিছিল—মানুহে কিয় তেওঁলোকৰ আইতাক আৰু খুৰাকক চোৰ বুলি কয়? তেওঁলোকক কিয় কাৰাগাৰলৈ পঠিওৱাৰ কথা কোৱা হয়? তেওঁলোকে কিবা বেয়া কাম কৰিছে নেকি?
এনে প্ৰশ্নৰ উত্তৰত ছোনিয়াই সন্তান দুটাক বুজাবলৈ চেষ্টা কৰিছিল যে ৰাজনৈতিক কাৰণত কিছুমান মানুহে তেওঁলোকৰ পৰিয়ালৰ বিৰোধিতা কৰিছে। কিন্তু সেইবোৰ কথাত ভয় খাব নালাগে।
প্ৰিয়ংকাৰ বিদ্যালয়ত সংঘটিত আন এটা ঘটনাৰ কথাও তেওঁ সুঁৱৰিছে। এগৰাকী সহপাঠীয়ে কিবা বেয়া কথা কোৱাত প্ৰিয়ংকাই কান্দি পেলাইছিল। খবৰ পাই ছোনিয়া বিদ্যালয়লৈ গৈছিল। কিন্তু মাতৃয়ে বিষয়টোত হস্তক্ষেপ কৰিব বিচৰাত প্ৰিয়ংকাই সেই ল’ৰাজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ অনুৰোধ জনাইছিল। কাৰণ শিক্ষকগৰাকীয়ে ইতিমধ্যে ল’ৰাজনক সকীয়নি দিছিল। পাঁচ বছৰীয়া কন্যাৰ ক্ষমাশীল মনোভাবে সেইদিনা তেওঁকো আচৰিত কৰিছিল বুলি ছোনিয়াই লিখিছে।
উল্লেখযোগ্য যে ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। প্ৰায় ২১ মাহৰ পাছত ১৯৭৭ চনৰ জানুৱাৰীত তেওঁ লোকসভা নিৰ্বাচনৰ কথা ঘোষণা কৰে। সেই নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী দুয়োগৰাকীয়েই পৰাজয়ৰ সন্মুখীন হৈছিল। ২১ মাৰ্চত আনুষ্ঠানিকভাৱে অন্ত পৰিছিল জৰুৰীকালীন অৱস্থাৰ।
এই ৰাজনৈতিক পৰিৱৰ্তনৰ সময়ছোৱাত গান্ধী পৰিয়ালৰ ব্যক্তিগত জীৱনতো নানা প্ৰত্যাহ্বান আহি পৰিছিল। ছোনিয়া গান্ধীৰ আত্মজীৱনীত উল্লেখ কৰা ৰাহুলৰ সপ্তম জন্মদিনৰ ঘটনাটোৱে সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতিয়ে এটি শিশুৰ নিৰ্দোষ শৈশৱতো কেনেদৰে আঘাত হানিছিল, তাৰ এক বিশেষ ছবি দাঙি ধৰিছে।
