মধ্যপ্ৰদেশত কৃষকসকলক লৈ বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰ। তেওঁৰ দাবী, বৰ্তমানৰ কৃষকসকলে বছৰৰ মাত্ৰ তিনিমাহহে কঠোৰ পৰিশ্ৰম কৰে। বাকী ৯ মাহ তাচ খেলি, গুটখা সেৱন কৰি আৰু মদ্যপান কৰি সময় অতিবাহিত কৰে। সাংসদগৰাকীৰ এই মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে মধ্যপ্ৰদেশৰ মৌগঞ্জ জিলাত গোবৰ্ধন পূজা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে ৰেৱা লোকসভা সমষ্টিৰ সাংসদ জনাৰ্দন মিশ্ৰই। ভাষণৰ সময়ত তেওঁ কয় যে আগৰ দিনৰ কৃষক আৰু বৰ্তমানৰ কৃষকৰ মাজত যথেষ্ট পাৰ্থক্য আছে। বৰ্তমানৰ কৃষকসকলে মাত্ৰ তিনিমাহহে খেতিপথাৰত পৰিশ্ৰম কৰে বুলি মন্তব্য কৰি বাকী ন মাহ তেওঁলোকে কি কৰে বুলিও প্ৰশ্ন কৰে।
সেই সময়তে মঞ্চৰ ওচৰত থকা কোনো লোকে তাচ খেলে বুলি উত্তৰ দিয়াত সাংসদগৰাকীয়ে কয় যে কৃষকসকলে বাকী সময়খিনি তাচ খেলি, ‘ৰাজশ্ৰী’ নামৰ গুটখা সেৱন কৰি, মদ্যপান কৰি আৰু গাঞ্জা সেৱন কৰি কটায়। তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক।
বিজেপি সাংসদগৰাকীৰ মন্তব্যৰ ভিডিঅ’ কংগ্ৰেছ নেতাসকলে সামাজিক মাধ্যমত প্ৰচাৰ কৰি তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছৰ নেতাসকলৰ মতে, কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ এগৰাকী সাংসদে এইদৰে কৃষক সমাজক অপমান কৰাটো দুৰ্ভাগ্যজনক।
সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক কুণাল চৌধুৰীয়ে সাংসদগৰাকীক এদিন খেতিপথাৰত কাম কৰি কৃষকৰ পৰিশ্ৰমৰ অভিজ্ঞতা ল’বলৈ প্ৰত্যাহ্বান জনায়। লগতে কৃষক সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈও দাবী জনায়।
মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাহুল ৰাজেও সাংসদগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে কৃষকে কেৱল তিনিমাহ কাম নকৰে। বৰং বছৰটোৰ প্ৰতিটো দিনেই কৃষকে পথাৰ, বতৰ, ঋণ, সাৰ, বীজ আৰু শস্যৰ চিন্তাৰে পাৰ কৰে। কৃষকৰ পৰিশ্ৰমৰ ওপৰতেই দেশৰ অৰ্থনীতিৰ এক বৃহৎ অংশ নিৰ্ভৰশীল বুলিও তেওঁ মন্তব্য কৰে।
সাংসদগৰাকীৰ মন্তব্যক লৈ কৃষক সংগঠনসমূহৰ মাজতো তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধিসকলে ৰেৱাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ জনাৰ্দন মিশ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ দাবীৰে স্মাৰক-পত্ৰ প্ৰদান কৰে।
কৃষক নেতাসকলে সাংসদগৰাকীৰ মন্তব্যক অন্নদাতাসকলৰ প্ৰতি অপমানজনক আখ্যা দিছে। আনকি তেওঁৰ লোকসভাৰ সদস্যপদ বাতিলৰ দাবী উত্থাপন কৰাৰ কথাও প্ৰকাশ পাইছে।
ইফালে, ১১ নৱেম্বৰত প্ৰকাশিত আন এক প্ৰতিবেদনত সাংসদ জনাৰ্দন মিশ্ৰই নিজৰ মন্তব্যক লৈ দুখ প্ৰকাশ কৰি ক্ষমা বিচৰাৰ কথা উল্লেখ কৰা হৈছে। তেওঁ কৃষক পৰিয়ালৰ সন্তান বুলি উল্লেখ কৰি কৃষকৰ সমস্যাৰ বিষয়ে অৱগত বুলি দাবী কৰে। কৃষকসকলক অপমান কৰাটো তেওঁৰ উদ্দেশ্য নাছিল বুলিও স্পষ্টীকৰণ দিয়া বুলি বাতৰিটোত প্ৰকাশ পাইছে।
সাংসদগৰাকীৰ এই মন্তব্যই পুনৰ এবাৰ কৃষকৰ পৰিশ্ৰম, কৃষি জীৱনৰ বাস্তৱতা আৰু জনপ্ৰতিনিধিৰ দায়িত্বক লৈ দেশজুৰি চৰ্চাৰ সৃষ্টি কৰিছে। বছৰৰ প্ৰতিটো ঋতুতে কৃষকে বীজ সিঁচাৰ পৰা শস্য চপোৱা আৰু বজাৰত বিক্ৰী কৰালৈকে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত এগৰাকী জনপ্ৰতিনিধিৰ মন্তব্যক লৈ কৃষক সমাজৰ ক্ষোভ স্বাভাৱিকতে বৃদ্ধি পাইছে।
