গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI)। অভিযানত প্ৰায় ৩.৭ কিলোগ্ৰাম ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত পাঁচজন সন্দেহযুক্ত লোকক আটক কৰিবলৈ চেষ্টা চলোৱাৰ সময়ত তেওঁলোকে খুকুৰী আৰু দা দেখুৱাই অভিযানকাৰী বিষয়াসকলক ভাবুকি প্ৰদান কৰি পলায়ন কৰে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ DRIৰ তথ্য অনুসৰি, ৫ নৱেম্বৰ তাৰিখে সোণাপুৰ টোল গে’টৰ সমীপত এই অভিযান চলোৱা হৈছিল।
DRIৰ বিষয়াসকলে হাতীৰ দাঁতৰ অবৈধ সৰবৰাহৰ বিষয়ে এক নিৰ্দিষ্ট গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত ৫ নৱেম্বৰত সোণাপুৰ টোল গে’টৰ সমীপত তালাচী অভিযান চলোৱা হয়।
সন্ধিয়া প্ৰায় ৫ বাজি ৪০ মিনিটত বিষয়াসকলে দুচকীয়া বাহনত অহা পাঁচজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰে। তেওঁলোকৰ এজনৰ হাতত থকা এটা বেগত হাতীৰ দাঁত থকাৰ সন্দেহ কৰা হৈছিল। DRIৰ বিষয়াসকলে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰোঁতেই লোককেইজনে পলায়নৰ চেষ্টা কৰে।
অভিযানকাৰী বিষয়াসকলে সন্দেহযুক্ত লোককেইজনক খেদি যোৱাৰ সময়ত তেওঁলোকে খুকুৰী আৰু দা দেখুৱাই বিষয়াসকলক ভাবুকি প্ৰদান কৰে। পৰিস্থিতিৰ সুযোগ লৈ তেওঁলোকে হাতীৰ দাঁত থকা বুলি সন্দেহ কৰা বেগটো এৰি কাষৰীয়া এখন গাঁৱলৈ পলায়ন কৰে।
পিছত বিষয়াসকলে পৰিত্যক্ত বেগটো পৰীক্ষা কৰি তাৰ ভিতৰত দুটা হাতীৰ দাঁত উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা হাতীৰ দাঁত দুটাৰ দৈৰ্ঘ্য ক্ৰমে ২৯ ইঞ্চি আৰু ৩০ ইঞ্চি। দুয়োটাৰ মুঠ ওজন প্ৰায় ৩.৭ কিলোগ্ৰাম। DRIয়ে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ বিধান অনুসৰি দাঁত দুটা জব্দ কৰে।
পৰৱৰ্তী সময়ত অধিক তদন্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জব্দ কৰা হাতীৰ দাঁত দুটা অসম বন বিভাগৰ হাতত অৰ্পণ কৰা হয়।
উল্লেখযোগ্য যে ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী-১ত হাতীক সুৰক্ষিত প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে, বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কীয় চুক্তি CITESৰ পৰিশিষ্ট-১তো হাতীক স্থান দিয়া হৈছে।
সেয়েহে হাতীৰ দাঁত বা ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্যিক লেনদেন ভাৰতীয় আইন অনুসৰি নিষিদ্ধ। DRIয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় ৰোধ কৰাৰ লগতে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, এই ঘটনাত পাঁচজন সন্দেহযুক্ত লোক পলায়ন কৰিবলৈ সক্ষম হয়। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি DRIৰ প্ৰকাশিত বিজ্ঞপ্তিত কোনো তথ্য উল্লেখ কৰা হোৱা নাই।
