দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে ইউএইৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে নতুন দিল্লীত ভাৰতত নিযুক্ত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ (UAE) ৰাষ্ট্ৰদূত আব্দুল্লা ছাইফ আল নুয়াইমীৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

সামাজিক মাধ্যম X-ত বৈঠকৰ বিষয়ে সদৰী কৰি জয়শংকৰে কয় যে দুয়োপক্ষই পাৰস্পৰিক সহযোগিতা আৰু কৌশলগত সম্পৰ্ক অধিক গভীৰ কৰাৰ বিষয়ত আলোচনা কৰে।

উল্লেখ্য যে বাণিজ্য, বিনিয়োগ, শক্তি, যোগাযোগ ব্যৱস্থা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ইউএইৰ মাজত সুদৃঢ় সহযোগিতা অব্যাহত আছে।

ইয়াৰ পূৰ্বে, যোৱা ৭ নৱেম্বৰত ইউএইৰ ৰাষ্ট্ৰদূত আব্দুল্লা ছাইফ আল নুয়াইমীয়ে ভাৰতত প্ৰথমবাৰৰ বাবে দীপাৱলী উদযাপন কৰে। নতুন দিল্লীস্থিত ইউএইৰ দূতাবাসত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ দূতাবাসৰ বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে দীপাৱলীৰ আনন্দত অংশগ্ৰহণ কৰে। এই উদযাপনে দুয়োখন দেশৰ মাজৰ সাংস্কৃতিক আৰু জনসম্পৰ্কীয় সম্পৰ্কৰ গুৰুত্ব পুনৰ প্ৰতিফলিত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বখ্যাত বিজ্ঞানী ড০ ৰুবুল মাউতক জন্মভূমিত উষ্ম আদৰণি, ঢোল-দগৰে মুখৰিত তিনিচুকীয়াৰ কৈলাশপুৰ

দীপাৱলীৰ উছাহ-উদ্দীপনাৰ মাজতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাশপুৰত...

দীপাৱলীৰ দুদিনত অসমত ১৮১টা অগ্নিকাণ্ডৰ ঘটনা, গুৱাহাটীতে সংঘটিত ৬০টা

দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ’ল ১৮১টাকৈ অগ্নিকাণ্ডৰ ঘটনা।...

ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ, প্ৰখ্যাত গীতাৰিষ্ট সৌৰভ কুমাৰ দাসৰ দেহাৱসান

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিল এক দুঃখবৰ। প্ৰখ্যাত গীতাৰিষ্ট সৌৰভ...