বিশ্বখ্যাত বিজ্ঞানী ড০ ৰুবুল মাউতক জন্মভূমিত উষ্ম আদৰণি, ঢোল-দগৰে মুখৰিত তিনিচুকীয়াৰ কৈলাশপুৰ

দীপাৱলীৰ উছাহ-উদ্দীপনাৰ মাজতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাশপুৰত সৃষ্টি হ’ল এক ব্যতিক্ৰমী উৎসৱমুখৰ পৰিৱেশ। ঢোল-দগৰৰ শব্দ, গীত-নৃত্য আৰু পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনোৱা হ’ল বিশ্বখ্যাত বিজ্ঞানী ড০ ৰুবুল মাউতক।

দীৰ্ঘদিনৰ মূৰত নিজ জন্মভূমি কৈলাশপুৰত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকী। তেওঁ গাঁওখনত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আনন্দ-উল্লাসৰ পৰিৱেশ। কেইবাশতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে বিশাল শোভাযাত্ৰাৰে তেওঁক আদৰি নিয়ে। ঢোল-দগৰে, গায়ন-বায়নে আৰু নৃত্য-গীতেৰে মুখৰিত হৈ পৰে গাঁওখনৰ ৰাজপথ। ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানীগৰাকীৰ ওপৰত পুষ্পবৃষ্টি কৰিও আদৰণি জনায়।

বিশেষকৈ তেওঁ শিক্ষা গ্ৰহণ কৰা কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত দেখা যায় উৎসৱমুখৰ পৰিৱেশ। অঞ্চলটোৰ সতীৰ্থ সংযোগী মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত কৈলাশপুৰৰ লগতে কাকপথাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিসকলে বিজ্ঞানীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ পৰা কঠোৰ অধ্যৱসায় আৰু একাগ্ৰ সাধনাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ড° ৰুবুল মাউতে। বৰ্তমান আমেৰিকাৰ বিশ্বখ্যাত ‘চিনচিনাটি চিলড্ৰেনছ হাস্পতাল’ত কৰ্কট ৰোগৰ গৱেষক তথা মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত তেওঁ। বিশেষকৈ শিশু কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।

কৰ্কট ৰোগৰ চিকিৎসা আৰু নিৰাময়ৰ সম্ভাৱনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিজ্ঞানীগৰাকীয়ে কয় যে বিদেশত বৰ্তমান কৰ্কট ৰোগ নিৰাময়যোগ্য ৰোগ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে। অসম তথা ভাৰততো ভৱিষ্যতে এনে সম্ভাৱনা বাস্তৱায়িত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইফালে, তেওঁৰ বহুল চৰ্চিত গ্ৰন্থ ‘মোৰো এটা সপোন আছে’ৰ দ্বিতীয় খণ্ডও অতি সোনকালে প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে বিজ্ঞানীগৰাকীয়ে।

প্ৰায় তিনি সপ্তাহৰ বাবে জন্মভূমিলৈ অহা ড০ ৰুবুল মাউতৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতেও সাক্ষাৎ কৰাৰ কাৰ্যসূচী থকা বুলি জানিব পৰা গৈছে।

এসময়ৰ অতি পিছপৰা সীমান্তৱৰ্তী গাঁওখনৰ পৰা ওলাই গৈ বিশ্বৰ বিজ্ঞানৰ ক্ষেত্ৰখনত উজলি উঠা নিজৰ সন্তানক এনেদৰে আদৰি পাই গৌৰৱান্বিত হৈ পৰিছে কৈলাশপুৰবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দীপাৱলীৰ দুদিনত অসমত ১৮১টা অগ্নিকাণ্ডৰ ঘটনা, গুৱাহাটীতে সংঘটিত ৬০টা

দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ’ল ১৮১টাকৈ অগ্নিকাণ্ডৰ ঘটনা।...

ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ, প্ৰখ্যাত গীতাৰিষ্ট সৌৰভ কুমাৰ দাসৰ দেহাৱসান

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিল এক দুঃখবৰ। প্ৰখ্যাত গীতাৰিষ্ট সৌৰভ...