দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ’ল ১৮১টাকৈ অগ্নিকাণ্ডৰ ঘটনা। ৮ আৰু ৯ নৱেম্বৰ তাৰিখে দীপাৱলী উদযাপনৰ সময়ছোৱাত ৰাজ্যৰ ৩৫খন জিলাত সংঘটিত হয় এই অগ্নিকাণ্ডসমূহ।
এই ঘটনাসমূহৰ ভিতৰত সৰ্বাধিক অগ্নিকাণ্ড সংঘটিত হয় ৰাজধানী গুৱাহাটী মহানগৰীত। কেৱল গুৱাহাটী মহানগৰীতে দুদিনত সৰু-বৰ মিলি ৬০টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাথমিক তথ্য অনুসৰি, ফটকা ফুটোৱাৰ ফলতেই সৰ্বাধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দীপাৱলীৰ সময়ত ফটকাৰ পৰা নিৰ্গত জুইৰ স্ফুলিংগই বিভিন্ন স্থানত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটায়।
ৰাজ্যিক অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগে এই তথ্য সদৰী কৰিছে। দীপাৱলীৰ দুটা দিনত ৰাজ্যজুৰি সংঘটিত হোৱা এই বৃহৎ সংখ্যক অগ্নিকাণ্ডৰ ঘটনাই উৎসৱৰ সময়ত অগ্নি সুৰক্ষাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
