অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অৰুণাচল প্ৰদেশৰ দুটা জনগোষ্ঠীৰ মাজত চলি থকা সংঘাতৰ মাজতে অসমৰ এজন স্থানীয় যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।
জানিব পৰা মতে, ভালুকপুংৰ এজন স্থানীয় যুৱকক অৰুণাচলৰ একাংশ লোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে সীমান্তৱৰ্তী অসমৰ একাংশ স্থানীয় লোক। ইয়াৰ প্ৰতিবাদত নিশা বহুসময় ধৰি পথ অৱৰোধ কৰি ৰাখে স্থানীয় ৰাইজে। ফলত অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
পৰৱৰ্তী সময়ত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ লগতে অৱৰোধমুক্ত কৰা হয় পথটো।
অৱশ্যে, পথ মুকলি কৰি দিয়াৰ পিছতো অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।
